শেহতীয়া আপডেটঃ

প্ৰকৃতি যদি সুৰক্ষিত হৈ নাথাকে আমি কেতিয়াও সুৰক্ষিত হ’ব নোৱাৰিম :
মাজুলীৰ উত্তৰ কমলাবাৰীয়া সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী :

প্ৰকৃতি যদি সুৰক্ষিত হৈ নাথাকে আমি কেতিয়াও সুৰক্ষিত হ’ব নোৱাৰিম :
মাজুলীৰ উত্তৰ কমলাবাৰীয়া সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী :
শংকৰ মাধৱৰ পৰাই জীৱ জন্তু আৰু প্ৰকৃতিক সুৰক্ষা পৰিকল্পনা কৰিছিল :
বিহালীত প্ৰকৃতি প্ৰেমী সংগঠন নেচাৰ্ছ বন্যপ্ৰাণৰ ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি সামৰণি অনুষ্ঠান :

বিশ্বনাথ চাৰিআলি ১১ মাৰ্চ:

অসম তথা বিহালীৰ সমষ্টিৰ বিদেতী একমাত্ৰ প্ৰকৃতি প্ৰেমী স্বেচ্ছাসেৱী সংগঠন নেচাৰ্ছ বন্যপ্ৰানৰ ৰূপালী জয়ন্তী বৰ্ষপূৰ্তি অনুস্থানটো আজি বেদেতীস্থিত নেচাৰ্ছ বন্যপ্ৰানৰ কাৰ্য্যালয় কল্পতৰু ভৱনৰ প্ৰাংগনত দিন জোৰা কাৰ্যসূচীৰে অনুস্থিত হৈ যায় ৷

কাৰ্য্যসুচী অনুসৰি পুৱা ৯ বজাত ৰূপালী জয়ন্তী বৰ্ষৰ ২৫ খন পতাকা উত্তোলন কৰা হয়। কাৰ্য্যসূচী পতাকা উত্তোলনৰ আৰম্ভণি কৰে নেচাৰ্ছ বন্যপ্ৰানৰ সভাপতি প্ৰদীপ শৰ্মাই ৷
ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে বৰগাং বনাঞ্চলিক বিষয়া চক্ৰপাণি ৰয়ে ৷

বন্তি প্ৰজ্বলনৰ অনুষ্ঠানত উপস্থিত থকা মাজুলীৰ উত্তৰ কমলাবাৰীয়া সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দনদেৱ গোস্বামীয়ে কিছু সময় অনুষ্ঠানটোত উপস্থিত থাকি নিজৰ মন্তব্যত প্ৰকাশ কৰি কয় প্ৰকৃতি আৰু হৰিণকে ধৰি বনৰীয়া জীৱ জন্তুৰ সুৰক্ষা বাবে গুৰু জনাৰ শংকৰ -মাধৱৰ দিনৰ পৰাই আৰম্ভ হোৱা লগতে গছ-গছনি ৰোপনৰ চিন্তা চৰ্চা গুৰু জনাৰ দিনৰ পৰাই সত্ৰ সমূহ ৰোপণৰ আৰম্ভ হোৱা লগতে বনৰীয়া জীৱ জন্তুৰ সুৰক্ষা পৰিকল্পনা হৈছিল বুলি প্ৰকাশ কৰে।
লগতে গোস্বামীদেৱে কয় আমি যদি প্ৰকৃতিক সুৰক্ষা নিদিওঁ আমাক প্ৰকৃতে সময়ত এটুপি পানী ও নাপাম বুলি কোৱা লগতে আমি প্ৰকৃতি সুৰক্ষা কৰাটো অতি প্ৰয়োজন বুলি প্ৰকাশ কৰে। ইফালে
বন্তি প্ৰজ্বলনৰ পিছতে বৃক্ষ ৰোপণ কাৰ্যসূচী আৰম্ভ হয় এই বৃক্ষ ৰোপণৰ কাৰ্যসূচী আৰম্ভ কৰে বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰাই।
ইয়াৰ পিছতে অসমৰ জনপ্ৰিয় কষ্ঠ শিল্পী পবিত্ৰ ভূঞাই বিহালী সংৰক্ষিত বনাঞ্চলৰ ওপৰত লিখা এটি গীতেৰে মুকলি সভা আৰম্ভ হয়।
মুকলি সভা খনৰ উদ্দেশ্য বাখ্যা আৰু প্ৰতিবছদন পাঠ কৰে নেচাৰ্চ বন্যপ্ৰাণৰ সচিব প্ৰধান শংকৰ দত্তই।
সভাৰ উদ্দেশ্য বাখ্যা পিছতে
নেচাৰ্চ বন্যপ্ৰাণৰ সভাপতি প্ৰদীপ কুমাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাখন শুভ উদ্বোধন কৰে বিশিষ্ট সমাজ সেৱক তথা প্ৰাক্তন শিক্ষক স্বৰাজ হাজৰিকাই।
মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তই নিজৰ বক্তব্যত বিহালী সমষ্টিৰ উত্তৰ পাছৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল বিহালী খন বুলি উল্লেখ কৰে। বিহালী সংৰক্ষিত বনাঞ্চল খন সুৰক্ষা স্বাৰ্থত যোৱা ২৫ টা বছৰে এক কঠোৰ সংগ্ৰাম যুজঁ কৰি আহিছে বেদেতী নেচাৰ্চ বন্যপ্ৰাণে ।
কাৰণ নেচাৰ্চ বন্যপ্ৰাণ বাবে আজি বিহালী বাসীয়ে কিছু দিনৰ পিছতে বিহালী সংৰক্ষিত বনাঞ্চল খন আভায়ৰণ্য হিচাপে লাভ কৰিব বুলিও সভাত প্ৰকাশ কৰে ‌ । বিহালী সংৰক্ষিত বনাঞ্চল খন অভাৰণ্য বাবে মই যি কৰিব লাগে ইতিমধ্যে সকলো সমূহ মোৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰা বুলিও কয়।
আনহাতে ৰঞ্জিত দত্তই কয় আমি প্ৰকৃতি সুৰক্ষা দিব লাগিব তেতিয়ায়ে প্ৰকৃতে আমাক জীয়াই থকাত সহায় কৰিব বুলিও কয়।


আনহাতে নেচাৰ্চ বন্যপ্ৰাণৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মাই বিহালী সংৰক্ষিত বনাঞ্চল খন শীঘ্ৰে অভাৰাণ্যয় হিচাপে ঘোষণা দাবী জনাই।

এই সামৰণি মুকলি সভাৰ অনুষ্ঠান উপস্থিত থাকে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰকৃতি প্ৰেমী স্বেচ্ছাসেৱী সংগঠন ধুবুৰী সঞ্চালক সৌম্যদ্বীপ দত্ত , পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বনপ্ৰাধিকাৰী অৰুণ ভিগনেচ(IFS) বিশ্বনাথ চাৰিআলি বন্যপ্ৰাণী বন প্ৰাধিকাৰী কনক বৈশ্য, গমিৰি বনাঞ্চলিক বিষয়া প্ৰাঞ্জল গগৈ, অনুসুচীত জাতি উন্নয়ন বৰ্ডৰ বিশ্বনাথ জিলখৰ অধ্যক্ষ অৰুপ কুমাৰ দাস,
বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, বৰালিমৰা গাওঁ পঞ্চায়ত সভাপতি লাচিত বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.