শেহতীয়া আপডেটঃ

টুৱেলফথ্ ফেইল- যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয় 🖋️ড° বুলজিৎ বুঢ়াগোহাঁই

প্রযুক্তিগত বিশ্বত অসমীয়া কিতাপৰ ভৱিষ্যৎ কি হ’ব সেই বিষয়ে সকলোৰে মনত প্রশ্ন উদয় হয়। এটা কথা মনত ৰখা ভাল যে ছপা কিতাপৰ আদৰ সদায় থাকিব। তাত কোনো সন্দেহ কৰিব নালাগে। কিয়নো ছপা কিতাপ এখন পঢ়ি যি আনন্দ পোৱা যায় তেনে আনন্দ আন কোনো মাধ্যমত পোৱা নাযায় সেই কথা কিতাপ অধ্যয়ন কৰা সকলোৰে একমত হ’ব।

কিন্তু তাৰ বাবে পঠনযোগ্য কিতাপও নিয়মীয়াকৈ অসমীয়া ভাষাত প্রকাশ হ’ব লাগিব আৰু সেই কিতাপবোৰ পাঠকৰ হাতত পৰাও ব্যৱস্থা গ্রহণ কৰিব লাগিব প্রকাশকসকলে। তাৰোপৰি, পঠনযোগ্য কিতাপবোৰৰ সমালোচনা বাতৰি কাকত আৰু আলোচনীত প্রকাশ হ’ব লাগিব। বাতৰি কাকত আৰু আলোচনীবোৰত কিতাপৰ সমালোচনা প্রকাশ কৰা দেখা যায়। এনেধৰণৰ সমালোচনাৰ যোগেদি পাঠকসকলে কিতাপখনৰ বিষয় বস্তুৰ সম্পৰ্কে জানিব পাৰে আৰু কিতাপখন ক্রয় কৰা বা নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিব পাৰে।

এখন গ্রন্থৰ কথা উল্লেখ কৰিব বিচাৰিছো। গ্রন্থখন নাম হ’ল-ৰাগিণী পূবালী বৰাৰ অনূদিত উপন্যাস “টুৱেলফথ্ ফেইল” । এই গ্রন্থখন অনুৰাগ পাঠকে হিন্দী ভাষাত লিখা গ্রন্থখনৰ পৰা অসমীয়া ভাষালৈ অনুবাদ । অনুৰাগ পাঠকৰ বহুপঠিত উপন্যাস “টুৱেলফথ্ ফেইল”ৰ আধাৰত বিধু বিনোদ চোপ্ৰাই “টুৱেলফথ্ ফেইল” নামৰ এখন চিনেমাও ২০২৩ চনত নিৰ্মাণ কৰিছিল।

লেখকে উপন্যাসখনৰ ‘অনুবাদ কথা’ত উল্লেখ কৰিছে – “ … আমি জীৱন যুদ্ধৰ পৰাজিত সৈনিক হ’ব খোজা নাই। আমাৰ প্ৰজন্মৰ প্রতিজন যুৱক-যুৱতীয়েই নিজক যুঁজাৰু সৈনিক হিচাপে চাব খোজোঁ। প্রয়োজন মাথোন ইতিবাচক পৰিবেশ-পৰিস্থিতিৰ। ইতিবাচক জীৱনৰ সপক্ষে থিয় দিয়া এই উপন্যাসখন আমাৰ বোধেৰে প্ৰতিজন অসমীয়া যুৱক-যুৱতীয়ে পঢ়া উচিত। কঠোৰ সংগ্রাম, সংঘাত আৰু সংঘৰ্ষৰ মাজত তিষ্ঠি থাকিবলৈ হ’লে মানসিকভাবে আমি কিমানখিনি শক্তিশালী হৈ থাকিব লাগিব- উপন্যাসখনৰ কাহিনীয়ে সেয়া আমাক উপলব্ধি কৰাইছে। উপন্যাসখনৰ কাহিনীয়ে হাজাৰ হতাশাই আবৰি ধৰিলেও আপোনাক জীয়াই থকাৰ প্ৰেৰণা দিব। আশাবাদী হৈ জীয়াই থাকি সপোনক সাকাৰ ৰূপ দিব খোজা প্রতিজন অসমীয়া যুৱক-যুৱতীৰ প্রতি লক্ষ্য বাখিয়েই এই উপন্যাসখন অনুবাদ কৰাৰ কথা ভবা হৈছিল।…”

লেখকৰ সৈতে আমিও একমত। সচাঁকৈ “টুৱেলফথ্ ফেইল” এখন অনুপ্ৰেৰণামূলক উপন্যাস। এই উপন্যাসখন পঢ়ি অনুভৱ কৰিছো যে শিক্ষাৰ্থীসকলে এনেধৰণৰ উপন্যাস পঢ়া উচিত। উপন্যাসখনত বৰ্ণিত মনোজ কুমাৰ শৰ্মা আৰু শ্রদ্ধা যোশীৰ কাহিনীৰ যোগেদি যিসকলে বিফলতাক নেওচি ধৈর্য্য, সাহস, নিষ্ঠা আৰু সততাৰে আগুৱাই যায় সেইসকল এদিন নহয় এদিন সফল হ’বই তেনেধৰণৰ ইংগিত দিছে। উপন্যাসখনৰ কাহিনীৰ পৰা ক’ব পাৰি যে যিজনে যুদ্ধ নকৰে তেওঁহে পৰাজিত হয়।

এই গ্রন্থখনৰ প্ৰকাশক হ’ল- প্রদ্যুৎ হাজৰিকা, বনলতা, নতুন বজাৰ, ডিব্ৰুগড় – ১,শাখা:পাণবজাৰ, গুৱাহাটী- ১;নিউ বালিবাট, যোৰহাট;অ’ল্ড টেক্সি ষ্টেণ্ড, ক’ৰ্ট তিনিআলি, লখিমপুৰ। প্রথম সংস্কৰণঃ অক্টোবৰ, ২০২৪। গ্রন্থখনত মুঠ ২৪০ পৃষ্ঠা আৰু মূল্য ৪৩০ টকা। এখন সুন্দৰ গ্রন্থ অসমীয়া ভাষাত পাঠক সমাজলৈ আগবঢ়োৱা বাবে লেখক ৰাগিণী পূবালী বৰা আৰু প্ৰকাশক প্রদ্যুৎ হাজৰিকাক ধন্যবাদ জনাইছো।

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়
ফোন: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com
www.buljit.com

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.