শেহতীয়া আপডেটঃ

গ্ৰামীণ ভাৰত মহোৎসৱ, নৰ্থইষ্ট গুৱাহাটী ২০২৫”ত পুতলা নাট মঞ্চায়ন

ৰূপক বৈশ্য, গুৱাহাটী ১৪ফেব্ৰুৱাৰী:-
মহানগৰীৰ খানাপাৰাৰ ইন্দোৰ ষ্টেডিয়াম প্ৰাঙ্গণত নাবাৰ্ডৰ উদ্যোগত যোৱা ৮ ফেব্ৰুৱাৰীৰ অনুষ্ঠিত হৈছে গ্ৰামীণ ভাৰত মহোৎসৱ, নৰ্থইষ্ট গুৱাহাটী ২০২৫ৰ অনুষ্ঠান। অহা ১৬ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই গ্ৰামীণ ভাৰত মহোৎসৱত “চাইবাৰৰ পৰা সাৱধানতা” বিষয়লৈ সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট পৰিবেশিত হয়। নাট খনৰ কাহিনী অতি সুন্দৰ। বৰ্তমান গাঁও, চহৰ-নগৰত প্ৰায়ে চলি থকা ঘটনা উপস্থাপন কৰিছে নাটখনৰ জৰিয়তে।

বিজ্ঞান প্ৰযুক্তিৰ ফলত আমি অতি সোনকালে ঘৰতে বহি যিকোনো কাম মোবাইলত ইণ্টাৰনেটৰ জৰিয়তে কাম কৰিব পাৰোঁ। অনলাইনৰ জৰিয়তে টকা পইছাৰ লেনদেন কৰিব পাৰোঁ লগতে স্কুল কলেজত নামভৰ্ত্তি, ৰেলগাড়ী উৰাজাহাজৰ টিকেত ক্ৰয়, বজাৰ কৰা আদি কৰিব পাৰোঁ। সকলো কামত সহায় হৈছে মোবাইল। কিন্তু দুষ্ট চক্ৰই বেংকৰ এ টি এমৰ কোড নম্বৰ লৈ বেংকৰ ধন লুট কৰে। চাইবাৰ ক্ৰাইমৰ বাবে মানুহৰ জীৱন ঘৰ সংসাৰ নিঃশেষ হৈ যায়। তাৰ বাবে আমি সতৰ্ক হৈ থাকিব লাগিব। সেইবাবে কোনো অজ্ঞাত ব্যক্তিয়ে এ টি এমৰ কোড নম্বৰ বিচাৰিলে কেতিয়াও কোড নম্বৰ দিয়া উচিত নহয়। কোড নম্বৰ দিলে সঞ্চয় কৰা ধন লৈ যাব পাৰে। দুষ্ট চক্ৰ দিয়া লোভনীয় প্ৰস্তাৱ কেতিয়াও গ্ৰহণ কৰিব নালাগে। পুলিছ থানত প্ৰতিটো খবৰ দিব লগে আৰু ১৯৩০ নম্বৰত জনাব লাগে। তেতিয়া কোনো বিপদ নহব। এনেধৰণৰ ঘটনা সমূহ পুতলা নাচৰ জৰিয়তে সুন্দৰকৈ বুজাই দিছে দৰ্শকক।পুতলা নাটখনত লাঠী পুতলাৰ জৰিয়তে হিন্দী ভাষাত পৰিবেশিত হয়।

“চাইবাৰৰ পৰা সাৱধানতা” নাটখনে উপস্থিত থকা নাবাৰ্ডৰ মহাপ্ৰবন্ধক, বিষয়া, নাবাৰ্ডৰ অধীনৰ বিভিন্ন বেঙ্কৰ বিষয়া- কৰ্মচাৰীৰ লগতে শিক্ষাবিদ, শিল্পী, সাহিত্যিক আৰু বিশিষ্ট অতিথি সকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে । পুতলা নাট খনত পৰিবেশন কৰা পুতলা সমূহৰ সঞ্চালনত কোনো জড়তা দেখা পোৱা নাছিল। প্ৰতিটো দৃশ্য সুন্দৰ ভাৱে উপস্থাপন কৰিছিল। নাট খনৰ সুত্ৰধাৰ, মোবাইল, পুলিছ, ডেকা লৰা আৰু ছোৱালীৰ চৰিত্ৰৰ পুতলা সঞ্চালনে দৰ্শকক অভিভূত কৰি তুলিছিল। নাটখনত থকা গান সমূহ মনোৰঞ্জন দিবলৈ খুহুতীয়া ভাৱে হিন্দী গান সমূহৰ সুৰলৈ চাইবাৰ ক্ৰাইমৰ বিষয়ে দাঙি ধৰি চৰিত্ৰ সমূহে কৰা নৃত্যই দৰ্শকক আমোদ দিব পাৰিছিল। প্ৰতিটো মূহুৰ্তই দর্শকৰ হৃদয় স্পৰ্শ কৰিব পাৰিছিল। পুতলা সমূহৰ সঞ্চালন পদ্ধতি আৰু শৈলী সমুহ দেখি দৰ্শক সকল অভিভূত হৈ পৰে।

পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰে তৃষ্ণা ৰাজবংশী, সীমান্ত শৰ্মা, প্ৰণৱ জ্যোতি ৰাভা, পলক কৈৰী, বিনীতা দেৱী, কৃষ্টি ৰাজবংশী আৰু গণেশ বড়ো। নাট খনৰ চৰিত্ৰ সমূহত সংলাপ প্ৰক্ষেপ কৰে হাৰ্দিক শৰ্মা, স্বপন দাস আৰু বিনীতা দেৱী। সংগীত হাৰ্দিক শৰ্মাৰ। পুতলা সমূহৰ তৈয়াৰী আৰু সাজসজ্জাত হিমাংশু দাস, কৃতৰ্থ শৰ্মা, দীপা মহন্ত, তৃষ্ণা কলিতা, বিনীতা দেৱী আৰু প্ৰণৱ জ্যোতি ৰাভা। নাবাৰ্ডৰ উদ্যোগত অনুষ্ঠিত “গ্ৰামীণ ভাৰত মহোৎসৱ, নৰ্থ ইষ্ট গুৱাহাটী ২০২৫” ত উপস্থিত থকা শিক্ষাবিদ, শিল্পী, সাহিত্যিক, বেংক বিষয়া- কৰ্মচাৰী আৰু দৰ্শক সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷ বিনীতা দেবীৰ পৰিচালিত নাট সমূহৰ এটা বিশেষত্ব হল সমাজ ব্যবস্থাৰ লগত জৰিত আৰু তাৰ লগতে তেখেতে আধ্যাত্মিক নাটক সমূহো পৰিৱেশিত কৰি আহিছে। তেখেতৰ পৰিচালনাৰ নাট সমূহ অসমৰ লোক কলাৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.