শেহতীয়া আপডেটঃ

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত দুই অপহৰণ কাৰীক গ্ৰেপ্তাৰ

♦ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলৰ কুকুৰকাটা আৰক্ষী চকীৰ অন্তৰ্গত কাছুমাৰীত ২৩ ফেব্ৰুৱাৰীত সংঘটিত ব্যৱসায়ী অপহৰণৰ ঘটনাত জৰিত দুই অপহৰণ কাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ধৃত অপহৰণকাৰী দুজনৰ নাম মুন্না মাৰাক আৰু কাচিম আলী বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷ জানিব পৰা মতে ধৃত লোক দুজনে বিগত ২৩ ফেব্ৰুৱাৰীত কৃষ্ণাইৰ ব্যৱসায়ী নিৰঞ্জন সাহাক নাবাং বজাৰৰ সমীপৰ পৰা অপহৰণ কৰি নিছিল৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিৰঞ্জন সাহাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অপহৰণ কাৰীৰ সন্ধান লাভ কৰা নাছিল৷ যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে অপহৰণকাৰীৰ সন্ধানত তীব্ৰতৰ অভিযান আৰম্ভ কৰে৷ অৱশেষত অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ অভিযান চলাই আৰক্ষীয়ে মুন্না মাৰাক আৰু কাচিম আলী নামৰ দুই অপহৰণ কাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে ধৃত অপহৰণকাৰী দুজনক জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে মুন্না মাৰাকৰ ঘৰ মাদাপাৰাত আৰু কাচিম আলীৰ ঘৰ ছয়গাৱঁত৷ ধৃত লোক দুজন কেইবাটাও অপহৰণৰ ঘটনাত জৰিত থকাৰ দাবী কৰিছে আৰক্ষীয়ে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.