শেহতীয়া আপডেটঃ

অনুপ্ৰৱেশকাৰীৰ বিৰূদ্ধে কঠোৰ হৱ বিজেপি, খিলঞ্জীয়া প্ৰভূত্ব বিস্তাৰৰ কথা প্ৰধানমন্ত্ৰী মোডীৰ মুখত

আজি বিহালীৰ কুলাগুৰী পথাৰত প্ৰধানমন্ত্ৰী মোডীৰ ঐতিহাসিক বিশাল জনসভা

অসমীয়া ভাষাত ভাষণ আৰম্ভ কৰি উজনিৰ ৰাইজক বিহুৰ আগতীয়া শুভেচ্ছা

বিৰোধী কংগ্ৰেছ দলক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোডীৰ

অনুপ্ৰৱেশকাৰীৰ বিৰূদ্ধে কঠোৰ হৱ বিজেপি, খিলঞ্জীয়া প্ৰভূত্ব বিস্তাৰৰ কথা প্ৰধানমন্ত্ৰী মোডীৰ মুখত

ব্ৰহ্মপুত্ৰৰ তলেৰে চলিব গাড়ী, নিৰ্মাণ হ’ব ১৮,৫০০ কোটি টকীয়া সুৰংগ: বিশ্বনাথৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

বিশাল নিৰ্বাচনী জনসভাত ১৫ লাখ পৰিয়ালক পকী ঘৰ আৰু ৪০ লাখ মহিলাক ‘লাখপটি বাইদেউ’ আঁচনিৰ প্ৰসংগ

অসম খবৰ বিহালী ১ এপ্ৰিলঃ

“জয় গুৰু শংকৰ! নমস্কাৰ! উজনিৰ ৰাইজলৈ মৰম আৰু শ্ৰদ্ধা জনাইছোঁ”— এনেদৰে অসমীয়াতে সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ অসমৰ ৰাইজৰ মন জয় কৰে। বিশ্বনাথ জিলাৰ বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেদেতীৰ কুলাগুৰী পথাৰত আয়োজিত এই জনসভাত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এন ডি এ (NDA) চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয় যে বিজেপিৰ তিনিগৰাকী প্ৰাৰ্থীৰ সমৰ্থনত আয়োজিত এই বিজয় সভাত যিমান লোক সমবেত হৈছে, বিৰোধী কংগ্ৰেছে সমগ্ৰ দেশৰ কৰ্মী গোটাইও এনে বিশাল জনসভা কৰিব নোৱাৰে।

আজি দিনৰ ১:০৭ বজাত ভাৰতীয় বায়ুসেনাৰ তিনিখন বিশেষ হেলিকপ্টাৰযোগে বিহালীৰ কুলাগুৰী পথাৰত অৱতৰণ কৰা প্ৰধানমন্ত্ৰীয়ে দিনৰ ১:২০ বজাৰ পৰা প্ৰায় ৪৫ মিনিট ধৰি ভাষণ প্ৰদান কৰে। বিহালীৰ বিজেপি প্ৰাৰ্থী মুনীন্দ্ৰ দাস, বিশ্বনাথৰ পল্লৱলোচন দাস আৰু গহপুৰৰ প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এই মেগা ৰেলীৰ আয়োজন কৰা হৈছিল।

বিহালীত অনুষ্ঠিত বিশাল জনসভাত প্ৰধানমন্ত্ৰী মোদীয়ে এক ঐতিহাসিক ঘোষণা কৰি কয়, “এতিয়াৰে পৰা ব্ৰহ্মপুত্ৰৰ তলেৰে গাড়ী চলিব। ওপৰত নদী বৈ থাকিব আৰু তলেদি সুৰংগ (Tunnel) নিৰ্মাণ কৰা হ’ব।” গহপুৰ আৰু নুমলীগড়ৰ মাজৰ দূৰত্ব হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৮,৫০০ কোটি টকাৰ ব্যয় সাপেক্ষে এই সুৰংগ পথৰ অনুমোদন জনোৱা বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে অসমৰ মহিলা সৱলীকৰণৰ প্ৰসংগত উল্লেখ কৰে যে আগন্তুক সময়ত ৰাজ্যৰ ৪০ লাখ মহিলাক ‘লাখপটি বাইদেউ’ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ বাবে মহিলাসকলক সুলভ মূল্যত বেংক ঋণৰ ব্যৱস্থা কৰা হৈছে। লগতে প্ৰধানমন্ত্ৰী মোডীৱে কয় যে অসমৰ ২২ লাখ পৰিয়ালে ইতিমধ্যে পকী ঘৰ লাভ কৰিছে আৰু বস্তি বা জুপুৰিত বাস কৰা আন ১৫ লাখ পৰিয়ালক নতুনকৈ পকী ঘৰ নিৰ্মাণ কৰি দিয়া হ’ব। এতিয়াৰে পৰা চৰকাৰী সুবিধাৰ ধন ঘৰৰ মহিলাগৰাকীৰ নামত প্ৰদান কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৱে বিৰোধী কংগ্ৰেছ দল আৰু নেতৃত্বক তীক্ষ্ণ আক্ৰমণ কৰি কয় যে পূৰ্বৰ চৰকাৰসমূহে অসমৰ পৰিচয় আৰু সুৰক্ষাৰ সৈতে হেতালি খেলিছিল। ভোটবেংকৰ স্বাৰ্থত নামঘৰ আৰু সত্ৰৰ ভূমি বেদখলকাৰীক প্ৰশ্ৰয় দিছিল যদিও বিজেপি চৰকাৰে সেই ভূমি বেদখলমুক্ত কৰিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিৰ শাসনকালত অসমৰ চাহ বাগিছাত বসবাস কৰা চাহ শ্ৰমিক ৰাউজৰ লগতে ২৩ লাখ খিলঞ্জীয়া লোকে নিজৰ ভূমিৰ অধিকাৰ লাভ কৰিছে।

 

ভাষণ প্ৰসঙ্গত বিশ্বনাথ ‘ভূমি হ’ল ‘তপস্যাস্থলী’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই অঞ্চলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গাংমৌ থানত সাধনা কৰি সমাজ সংস্কাৰ কৰিছিল। এই সভাৰ সমীপতে আছে মা কল্যাণী মন্দিৰ আৰু গুপ্তকাশী৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কাঁশীৰ সংসদীয় সমষ্টিৰ পৰা নিৰ্বাচিত সাংসদ বুলি উল্লেখ কৰি কয় যে, বিশ্বনাথ গুপ্তকাঁশীৰ মাহাত্ম্য আছে যাৰবাবে তেওঁ সেৱা জনাবলৈ আহিছে। প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণৰ মাজতে বিহালীস্থিত এচিয়া মহাদেশৰ বিখ্যাত মোনাবাৰী চাহ বাগিচা কথা দোহাৰি কয় যে, মই চাহ বাগিছাৰ আই-মাতৃসকলৰ আশীৰ্বাদ লাভ কৰিছোঁ যি কাহানিও কেতিয়াও অথলে নাযায়। প্ৰধানমন্ত্ৰী মোডীৱে অসম আৰু অসমীয়া জাতিৰ হ’কে বিজেপি চৰকাৰ খনে অৰ্হনিশে কাম কৰি অহা বুলি দাবী জনাই কয় যে, ইতিমধ্যে বিজেপি চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰিছে৷

নিৰ্বাচনী সভাত প্ৰধীনমন্ত্ৰী মোডীৱে বিৰোধী কংগ্ৰেছ দলে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক অপমীন কৰা বুলি অভিযোগ উত্থাপন কৰে৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছে কয় যে বিজেপি দল-চৰকাৰেহে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱক যোগ্য সন্মান যাচিছে। তদুপৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম গৰাকী ৰাজ্যিক সভাপতি ছৱিলাল উপাধ্যায়ৰ নামত. বিহালীত ইঞ্জিনিয়াৰিং কলেজ স্থাপন আৰু গুৱাহাটী আৰু বিশ্বনাথত মহান ব্যক্তি গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ প্ৰসংগ দোহাৰি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে৷ ভাষণৰ শেষত প্ৰধানমন্ত্ৰী মোডীৱে এন ডি এ চৰকাৰে বিশ্বনাথৰ তিনিওখন আসনতে জয়লাভ কৰি ‘হেট্ৰিক’ কৰিব বুলি দাবী কৰে৷। ভাষণৰ মাজতে প্ৰধানমন্ত্ৰী মোডীৱে “বুথ জিকিলেহে নিৰ্বাচন জিকিম” বুলি কৰ্মীসকলক উৎসাহ দি তেওঁ ৰাইজক অনুৰোধ কৰে৷ প্ৰধানমন্ত্ৰী মোডীৱে সভাত উপস্থিত জনতাক কয় যে, আপোনালোকে মোৰবাবে এটা কাম কৰি দিব, আজিৰ এই সভাৰ পৰা সকলোৱে ঘৰলৈ গৈ ওচৰ-চুবুৰীয়াক ক’ব যে প্ৰধানমন্ত্ৰী মোডীৱে আপোনালৈ বহাগ বিহুৰ আগতীয়া শুভেচ্ছা পঠাইছে৷


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৱে ভাষণ প্ৰসংগৰ মাজতে বিশ্বনাথ জিলাৰ গহপুৰৰ পৰা নুমলীগড়লৈ ব্ৰহ্মপুত্ৰৰ তলৰ ১৮,৫০০ কোটি টকীয়া সুৰংগ, ১৫ লাখ পৰিয়াললৈ পকী ঘৰ, ৪০ লাখ ‘লাখপটি বাইদেউ’ আৰু ২৩ লাখ খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়োৱাৰ উপৰিও তেওঁ কয় যে, ইতিমধ্যে বিজেপি দল নেতৃত্বাধীন অসম চৰকাৰে অসমৰ অনুপ্ৰৱেশকাৰী সমস্যা সমাধানৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰি খিলঞ্জীয়াৰ প্ৰভূত্ব বিস্তাৰৰ হ’কে যথোপযুক্ত ব্যৱস্থা হাতত লৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ঐতিহাসিক ঘোষনা সভাস্থলীত শুণাৰ লগে লগে লক্ষাধিক উপস্থিত জনতা জনাৰ্দনে হাত চাপৰিৰে উস্ম আদৰণী জনায়৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.