অসমৰ জনপ্ৰিয় পাঠক কৈলাশ তালুকদাৰৰ নাগাৰা নাম পৰিবেশন
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহ্মণ্ডিত বাসুদেৱ গোঁসাই ঘৰ বাকৰিত আজি ২৩ ফাগুন ( ৮ মাৰ্চ) তাৰিখে দিনযোৰা কাৰ্যসূচীৰে ৰাইজৰ মংলাৰ্থে বিষ্ণু হোম যজ্ঞ সম্পন্ন হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ধৰ্মীয় পতাকা উত্তোলন কৰে পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ চৌধুৰী য়ে স্মৃতি তৰ্পন কৰে ঘগ্ৰাপাৰ হাইস্কুলৰ প্রধান শিক্ষক নাথুৰাম তালুকদাৰ মাল্লৰ্পন কৰে এছ বি দেউৰা কলেজৰ মুখ্য কাৰ্যালয় সহায়ক নিৰঞ্জন ডেকাই, শ্বহীদ তৰ্পন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ ক ৰিয়াজুদ্দিন আহমেদে আৰু মাল্লৰপন কৰে মৌজাদাৰ প্ৰশান্ত দত্ত চৌধুৰীয়ে। ইয়াৰ পিছতে বিষ্ণু হোম যজ্ঞ আৰম্ভ হয়। দিনৰ 12 বজাত অসমৰ জনপ্ৰিয় পাঠক কৈলাশ তালুকদাৰে নাগাৰা নাম পৰিবেশন কৰে ।নাগাৰা নাম উদ্বোধন কৰে বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতাই। দিনৰ দুই বজাত ৰাজহুৱা ভোগ বিতৰণ আৰু সন্ধিয়া বন্তি প্ৰজ্জলনেৰে কাৰ্য্যসূচিৰ সামৰণী পৰে।
নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীৰ
Leave a Reply