মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৃষকৰ মাজত ছাগলী বিতৰণ

মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কৃষকৰ মাজত ছাগলী বিতৰণ

২৩ ডিচেম্বৰ : মৰিগাঁও জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ ঝাৰগাঁৱৰ কাৰ্যালয়ত কৃষকৰ মাজত প্ৰশিক্ষণ আৰু থলুৱা প্ৰজাতিৰ ছাগলী বিতৰণ কৰা হয়।জিলাখনত কৃৃৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা

কৃষি বিজ্ঞান কেন্দ্ৰ সহযোগত আৰু এন ডি আৰ আই, ই আৰ এছ ,কল্যাণী(বাংগালুৰ)ৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠান আজি সামৰণি পৰে। জিলাখনৰ গোভাৰ গাঁৱলীয়া গাঁৱকে ধৰি মুঠ ২০ গৰাকী কৃষক হিতাধিকাৰীৰ মাজত আনুষ্ঠানিকভাৱে থলুৱা প্ৰজাতিৰ দুজনী কৈ চেঁউৰী ছাগলী,প্ৰয়োজনীয় কিছু ঔষধ-ধপাতি আৰু দুবেগ কৈ দানা বিতৰণ কৰে।

ইয়াৰোপৰি জিলাখনৰ শ’লমাৰী দুগ্ধ উৎপাদক সমবায় সমিতিৰ ১৫ গৰাকী গাই পালকক দানা প্ৰদান কৰে।ইয়াৰ আগেয়ে কাৰ্যালয়ৰ সভা গৃহত এই সন্দৰ্ভত এটি প্ৰশিক্ষণো অনুষ্ঠিত হয়।

ছাগলী পালনৰ সন্দৰ্ভত হিতাধিকাৰীৰ সকলক লৈ এটি প্ৰশিক্ষণ আগবঢ়াই এন ডি আৰ আই, ই আৰ এছৰ মুখ্য বিজ্ঞানী ড° চম্পক ভকত,ড° অজয় মণ্ডল, ড° এম কৰুণাকৰণ আৰু বৰ্ণিহাট ছাগলী গৱেষণা কেন্দ্ৰৰ ড° ফাৰজিন আখতাৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ মুখ্য বিজ্ঞানী ড° ৰিজুস্মিতা শৰ্মা ডেকাই।

অনুষ্ঠানটোত মুখ্য অতিথিৰূপে উপস্থিত থাকে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্ৰ পেগু,মৰিগাঁও জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুচাহাৰী।

অনুষ্ঠানটো পৰিচালনাত আঁতধৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ ডা: সুভাষ কলিতাই।অনুষ্ঠানটোত উপস্থিত থাকে কৃষি বিজ্ঞান কেন্দ্ৰটোৰ বিশেষজ্ঞ পৰাগমণি ডেকা, সৌৰভ বৰুৱা, সুকন্যা গগৈ, ডা: পিংকী গগৈ, ৰবীন হাজৰিকা, ৰূপম বণিয়া আৰু সুমন দাস।

Be the first to comment

Leave a Reply

Your email address will not be published.


*