বিশ্বনাথত আছা প্ৰতিবাদ কাৰ্যসূচী : ৩ ঘণ্টীয়া ধর্ণা কাৰ্যসূচী বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত :
বিশ্বনাথ ১৭ ডিচেম্বৰ :
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু আদিবাসী জনগোষ্ঠীৰ বিভিন্ন সমাজ সংগঠনৰ সহযোগত অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ (S.T.) প্রদান নকৰাৰ প্ৰতিবাদত
বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত ৩ ঘন্টিয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
মোদী চৰকাৰ মূর্দাবাদ, অসম চৰকাৰ মূর্দাবাদ ইত্যাদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী।
৯ নং তেজপুৰ লোক সভা সাংসদ পল্লৱ লোচন দাস, ৰামেশ্বৰ তেলিকে ধৰি আদিবাসী জনগোষ্ঠীৰ বিধায়ক ,সাংসদ আৰু মন্ত্ৰী সকলে জনজাতিকৰণৰ দাবী উপস্থাপন নকৰাৰ বাবেই ক্ষোভিত হৈছে আছা।
নিৰ্বাচনৰ সময়ত ভোট বেংক হিচাপে আদিবাসী লোকসকলক ব্যৱহাৰ কৰা হয় বুলিও মন্তব্য কৰে লক্ষ্মী ওৰাংয়ে।
Leave a Reply