ঘগ্ৰাপাৰত পৰিদৰ্শন বাংলা আধাৰশিলা স্থাপন বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

ঘগ্ৰাপাৰত পৰিদৰ্শন বাংলা আধাৰশিলা স্থাপন বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ মাজমজিয়াত অৱস্থিত ঘগ্ৰাপাৰৰ পৰিদৰ্শন আৱাসৰ পুণৰ নিৰ্মাণৰ বাবে মঙলবাৰে আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাই।
বিধায়ক গৰাকীয়ে ভাষণত কয় যে লোকনিৰ্মাণ (গৃহ) বিভাগৰ ঘগ্ৰাপাৰ পৰিদৰ্শন ভৱনটো নিৰ্মাণৰ বাবে ৩ কৌটি ৬৯ লাখ টকা ধাৰ্য কৰা হৈছে।
এই টকাৰৈ পৰিদৰ্শন বাংলাটো তিনি মহলীয়া হ’ব ।ভৱিষ্যত এই বাংলাটো ৫ কৌটি ব‍্যয় হ’ব বুলি বিধায়ক বৰুৱাই মন্তব্য কৰে।

লগতে এই বাংলাটো নিৰ্মাণ সম্পূৰ্ণ হ’লে অঞ্চলটোৰ দীৰ্ঘদিনীয়া অভাৱ পুৰণ হ’ব বুলিও সদৰী কৰে। অনুষ্ঠানত নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকন,নলবাৰী লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী, অভিযন্তা,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা,কাউন্সিলাৰ মনেশ্বৰ ভৰালী আদিয়ে।অনুষ্ঠানটিৰ আঁত ধৰে মৃগেন শৰ্মাই।

নলবাৰীৰ পৰা ফইজুল হক চৌধুৰী

Be the first to comment

Leave a Reply

Your email address will not be published.


*