সুৰাৰ অবৈধ ৰমৰমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ বিশ্বনাথ আৰক্ষী :
মোনাবাৰীত জব্দ অবৈধ সুৰা:
বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰা, জিনজীয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ লগতে অৰ্ধ সামাৰিক বাহিনী C 30 ৰ বিষয়া লুকু ৰঞ্জন নাথৰ অভিযানত বিহালী মোনাবাৰীত
জব্দ হয় বৃহৎ পৰিমাণৰ অবৈধ সুৰা ।

মোনাবাৰী চাহ বাগিছাৰ পুৰণা লাইনৰ পৰা দুখনকৈ ঘৰৰ পৰা জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ সুৰা খিনি সোমবাৰে সন্ধিয়া ।

অৱশ্যে আৰক্ষীৰ অভিযানৰ সময়ছোৱাত দুয়ো খন ঘৰৰ গৰাকী ক্ৰমে মুনু বৰ্মা আৰু বিজয় চৱালা পলায়ন কৰে ঘৰৰ পৰা । উল্লেখযোগ্য যে যোৱা মাহত বিশ্বনাথ জিলা আৰক্ষীয়ে জিলা খনৰ বিভিন্ন স্থানত অবৈধ অৰুণাচলী অসমৰ অবৈধ ভাৱে মজুত ৰখা সুৰা বিৰুদ্ধে অভিযান চলাই বহু পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে। আনহাতে সোমবাৰে সন্ধিয়া জব্দ কৰা সুৰা মুঠ ৯৭১ বটল বুলি আৰক্ষী তথ্য প্ৰকাশ।




