তামিলনাডুত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত :
ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল (CDS )বিপিন ৰাৱটসহ ১৪জন লোক আছিল হেলিকপ্টাৰখনত। এই দৰে দাও দাওকৈ জ্বলি সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় হেলিকপ্টাৰখন।
বুধবাৰে তামিলনাডুত সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় ।
হেলিকপ্টাৰখনত আছিল চীফ অব ডিফেন্স ষ্টাফ বিপিন ৰাৱট, তেওঁৰ পৰিয়াল আৰু একাংশ কৰ্মী।
প্ৰাথমিক তথ্য অনুসৰি, কুন্নুৰৰ ঘন জংঘলত সংঘটিত হয় এই দুৰ্ঘটনাটো। ANIৰ প্ৰকাশিত
তথ্য অনুসৰি, ৩ জন লোক গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
কইম্বাটুৰ আৰু ছুলুৰ মাজত দুৰ্ঘটনাত পতিত হয় এমআই ছিৰিজৰ হেলিকপ্টাৰখন।
হেলিকপ্টাৰখনত চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট, তেওঁৰ পত্নী, নিৰাপত্তাৰক্ষী, সুৰক্ষা কমাণ্ডো আৰু বায়ুসেনাৰ পাইলটসহ মুঠ ১৪জন লোক আছিল।
ভাৰতীয় বায়ুসেনাই দুৰ্ঘটনাৰ পিছতে এক বিজ্ঞপ্তিযোগে জনায় যে চিডিএছ জেনেৰেল বিপিন ৰাৱটক কঢ়িয়াই নিয়া এখন IAF Mi-17V5 হেলিকপ্টাৰ তামিলনাডুৰ কুন্নুৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
Leave a Reply