ফোন যোগেদি কেৰিয়াৰ বিষয়ৰ বিনামূলীয়া পৰামৰ্শ
বাতৰি কাকত,আলোচনী, টি.ভি. চেনেল, ৰেডিঅ’ তথা সামাজিক মাধ্যমবোৰৰ জৰিয়তে মাজে মাজে জনাই আহিছো যে কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ বিনামূলীয়াকৈ ফোন (০৯৪৩৫১৮৮৬৩০) যোগেদি পাবৰ বাবে ছাত্র-ছাত্রী তথা অভিভাৱকসকলে আমাৰ লগত প্রত্যেক শণিবাৰে বিয়লি ৬বজাৰ পৰা ৯বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰে ।
ইয়াৰ প্রতি সহাঁৰি জনাই অসমৰ বিভিন্ন ঠাইৰ ছাত্র-ছাত্রী তথা অভিভাৱকসকলে কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা জানিবলৈ ফোন কৰে।
কিন্তু , এইখিনিতে এটা কথা উল্লেখ কৰিব বিছাৰিছো যে কিছুমান ছাত্র-ছাত্রী তথা অভিভাৱকে নিৰ্দ্ধাৰণ কৰি দিয়া বাৰ তথা সময়ৰ বাহিৰে বেলেগ বাৰ তথা সময়ত ফোন কৰি আমনি কৰে । বহুতে এছ. এম. এছ., হোৱাটছএপ অথবা ই-মেইলত কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা জানিব বিছাৰে ।
এটা কথা পুনৰ উল্লেখ কৰিব বিছাৰিছো যে নিৰ্দ্ধাৰণ কৰি দিয়া সময় তথা বাৰৰ বাহিৰে বেলেগ সময়ত কেৰিয়াৰ সম্পৰ্কীয় প্রশ্নৰ উত্তৰ ফোনত তথা এছ. এম. এছ., হোৱাটছএপ আৰু ই-মেইলত দিয়া আমাৰ পক্ষে সম্ভৱ নহয় ।
আমি ফোন যোগেদি কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়া কাৰণ হ’ল ইয়াৰ যোগেদি লগে লগে বিতং ভাবে প্রশ্নটিৰ উত্তৰ বুজাই দিব পৰা যায়।
আশা কৰিছো এই কথাটি মনত ৰাখি ভৱিষ্যতে ছাত্র-ছাত্রী তথা অভিভাৱকসকলে কেৱল ফোনতহে কেৰিয়াৰ বিষয়ৰ প্রশ্ন কৰে যেন।
অন্যথা, ফোনত বিনামূলীয়াকৈ কেৰিয়াৰ বিষয়ৰ প্রশ্নৰ উত্তৰ দিয়া সেৱা বন্ধ কৰিবলৈ বাধ্য হ’ম ।
ফোন যোগেদি কেৰিয়াৰ বিষয়ৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়া কামটো ২০০৫ চনৰ পৰা কৰি আহিছো।
শদিয়াৰ পৰা ধুবুৰীলৈকে বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান-প্রতিষ্ঠানৰ ৰূপালী,সোণালী,হীৰক জয়ন্তী আদি উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ তথা বাৰ্ষিক মুখপত্র আৰু বিভিন্ন আলোচনী, বাতৰিকাকতবোৰলৈ কেৰিয়াৰ বিষয়ৰ লেখা প্রেৰণ কৰো আৰু প্রকাশ হয়।
এইদৰে লেখা প্রেৰণ কৰাৰ উদ্দেশ্য হ’ল – ৰাজ্যখনৰ গাঁৱে-ভূঞে তথা চহৰে-নগৰে বসবাস কৰা কিছু সংখ্যক ছাত্র-ছাত্রী অলপ হ’লেও যাতে কেৰিয়াৰ বিষয়ৰ লেখাবোৰৰ পৰা উপকৃত হয়।
ছাত্ৰ-ছাত্রীসকলৰ লগত মুখা-মুখিকৈ (Online/offline ) কেৰিয়াৰ বিষয়ৰ কথাবোৰ আলোচনা কৰিবলৈ যদি অসমৰ কোনো অনুষ্ঠান-প্রতিষ্ঠান, দল-সংগঠন তথা মহাবিদ্যালয়/বিদ্যালয়ে আমন্ত্রণ জনায়, তেন্তে সময় আৰু সুবিধা হ’লে অংশ গ্ৰহণ কৰিব পাৰো (কিন্তু যাৱতীয় খা-খৰচ বহন কৰিব লাগিব) ।
বিভিন্ন সময়ত কেৰিয়াৰ সম্পৰ্কে কৰা আলোচনাবোৰৰ ভিডিঅ’ আগ্ৰহী সকলে আমাৰ ইউটিউব চেনেল (https://www.youtube.com/user/Buljit/videos) ত চাব পাৰে ।
ড° বুলজিৎ বুঢ়াগোহাঁই
ফোন: ০৯৪৩৫১৮৮৬৩০
www.buljit.com
Leave a Reply