বিশ্বনাথ ২১ নৱেম্বৰ :
লখিমপুৰৰ পৰা দুজন হৰিজন সমাজৰ যুৱকে ১৯ নৱেম্বৰ পুৱা পৰা আৰম্ভ কৰিছে এক চাইকেল যাত্ৰা
ৰাজধানী চহৰ গুৱাহাটীলৈ।
এই চাইকেল যাত্ৰা লক্ষীমপুৰ আৰম্ভ কৰি দেওবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হয় দুই যুৱক । দৈনিক ১২/১২ ঘন্টা চাইকেল যাত্ৰা কৰা দুই যুৱক দেওবাৰে ৪ মান বজাত বিশ্বনাথত উপস্থিত হয়।
উল্লেখযোগ্য যে
অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে যুৱক দুজনে মহানগৰীলৈ আৰম্ভ কৰিছে এই চাইকেল যাত্ৰা ৷ যুৱক দুজন দিলীপ বাচফোৰ আৰু ৰকি বাচফোৰ ৷
অনুসূচীত জাতিৰ অন্তৰ্গত বাছফোৰ, লালবেগী, ভাংগী আদি উপজাতিৰ বিভিন্নবোৰ সমস্যা সমাধানৰ হকে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰিব যুৱকদ্বয়ে ।
যাৰ বাবে শুকুৰবাৰে পুৱা লখিমপুৰ নগৰৰ বি আৰ আম্বেদকাৰৰ প্ৰতিমূৰ্তিৰ সমীপত দুই যুৱকক আনুষ্ঠানিকভাবে সম্বৰ্দ্ধনা জনাই স্থানীয় ৰাইজে বিদায় দিযে ৷
ইয়াৰ পাছতেই চাইকেলেৰে যাত্ৰা আৰম্ভ কৰে দিলীপ বাচফোৰ আৰু ৰকি বাচফোৰে ।
বিশেষকৈ যুৱক দুজনৰ দাবী অনুসূচীত জাতিৰ অন্তৰ্গত এই উপজাতি সমূহৰ দীর্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ হকে যুৱকদ্বয়ে চাইকেল যাত্ৰা কৰি সজাগতা সৃষ্টিৰ লগতে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক দাবী জনোৱাৰ সিদ্ধান্ত লয় ৷
দিলীপ বাচফোৰ আৰু ৰকী বাচফোৰে প্ৰকাশ কৰে যে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীক চৰকাৰী বিভাগ, বৰ্ড-নিকায়-নিগমৰ চাফাইৰ কাম ঠিকাদাৰক দিয়া বন্ধ কৰা, লগতে এই উপজাতিৰ লোকসকলৰ স্থায়ী আৰু অস্থায়ী চাফাই কৰ্মীৰ পদত নিযুক্তি দিয়া, স্বচ্ছ ভাৰত অভিযানৰ অধীনত চৰকাৰী প্ৰতিটো বিভাগতে চাফাই কৰ্মীৰ নিযুক্তি দিয়াৰ বাবে দাবী জনাই ৷
যুৱকদ্বয়ে ইয়াৰ লগতে এই উপজাতিৰ লোকসকল ভূমিহীন হোৱাৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, আয়ৰ প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ লাভৰ ক্ষেত্ৰত ভোগ কৰি অহা সমস্যাসমূহ বিশেষ ব্যৱস্থাৰে দূৰ কৰাৰ বাবে এই যুৱকদ্বয়ে চাইকেল যাত্ৰা কৰি গৈ ৰাজ্যপাল আৰু মুখ্যমন্ত্রীক স্মাৰক পত্ৰ প্ৰদান কৰি দাবী জনাব বুলি প্ৰকাশ কৰে।
Leave a Reply