31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথ জিলা প্ৰশাসন ও তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

    বিশ্বনাথ চাৰিআলি ১৬ নৱেম্বৰ :

    ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত আজি বিশ্বনাথ চাৰিআলি পৌৰসভাৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।

    জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই আঁত ধৰা অনুষ্ঠানত নবনিযুক্ত উপায়ুক্ত দেৱ কুমাৰ মিশ্র, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চিন্তামণি শৰ্মা, বিশ্বনাথ সদৰ মহকুমাৰ মহকুমাধিপতি দীপম বৰ্মন, জ্যেষ্ঠ সাংবাদিক নৰেন বৰা, চক্ৰ বিষয়া প্ৰাঞ্জল কুমাৰ দাস অনুষ্ঠানত অংশগ্রহণ কৰি সাংবাদিক সকলৰ দায়িত্ব, কৰ্তব্যৰ উপৰিও সাংবাদিক সকল সন্মূখীন হোৱা সমস্যা সমাধানৰ লগতে সুৰক্ষা প্ৰদান কৰা আদি বিভিন্ন বিষয় সাঙুৰি “সংবাদ মাধ্যমক কোনে সমীহ নকৰে” শীৰ্ষক বিষয়ৰ উপৰত বক্তব্য আগবঢ়ায়।

    জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত বিশ্বনাথৰ তথ্য আৰু জনসংযোগ বিষয়া সুপ্ৰতিষ্ঠিত দেই আদৰণি ভাষন আগবঢ়াই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সমূহ সাংবাদিকলৈ শুভেচ্ছা জনায়।


    ইয়াৰ পিচত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিশ্বনাথ মহকুমা তথ্য-জনসংযোগ বিভাগৰ সহযোগত আজি বিশ্বনাথ চাৰিআলি পৌৰসভাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস-২০২১ত বিশ্বনাথ জিলাৰ তিনিগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধিত সাংবাদিক তিনিগৰাকী ক্ৰমে-“অসমীয়া প্ৰতিদিন”ৰ ছয়দুৱাৰৰ সাংবাদিক তথা বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক আৰু গহপুৰ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ জ্যোতি ভূঞা,”নিউজ লাইভ”ৰ বিশ্বনাথ চাৰিআলিৰ সাংবাদিক তথা “আপকু”ৰ কেন্দ্রীয় উপ-সভাপতি হেমন্ত শইকীয়া আৰু “নিয়মীয়া বাৰ্ত”ৰ বেদেতীৰ সাংবাদিক তথা বিহালী প্ৰেছ ক্লাৱৰ উপ-সভাপতি ভুৱন লুইটেল।তিনিওকে ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু শৰাইৰে সন্মান জনোৱা হয়।

    সম্বৰ্দ্ধিত সাংবাদিক সকলে নিজৰ নিজৰ বক্তব্য ৰাখে। অনুষ্ঠানত শিশু শিল্পী শুভানন্দিনী দাসেৰ বৰগীত আৰু কণমানি শিল্পী জিন্নত আফ্ৰিন খাঁন নৃত্য আৰু সাংবাদিক কাজী জেইদুল ইচলামৰ গীত পৰিবেশনে অনুষ্ঠানৰ সৌষ্ঠব বৃদ্ধি কৰে।


    ইফালে সভাত বিহালী জ্যেষ্ঠ সাংবাদিক নৰেন বৰাই বৰ্তমান সাংবাদিকতা আৰু অতিতৰ সাংবাদিকতা ওপৰত বক্তব্য প্ৰদান কৰা লগতে সভাত বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক ভূৱন লুইটেল, বসন্ত বৰা লগতে হেমন্ত শইকীয়াই ।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds