শেহতীয়া আপডেটঃ

শোণিতপুৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন সংবাদ মেল

 

অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে যোৱা ১ নৱেম্বৰ তাৰিখে খছৰা ভোটাৰ তালিকা প্রকাশ কৰিছে। আৰু এই ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত শুধৰণিৰ প্ৰক্ৰিয়াৰ কাম শোণিতপুৰ জিলাত বর্তমানো অব্যাহত আছে।

এই শুধৰণি প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি অহা ১৩ আৰু ১৪ নৱেম্বৰ ২০২১ তাৰিখে বিশেষ প্ৰচাৰ অভিযানৰ দিন হিচাপে ঘোষণা কৰা হৈছে।
আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে শোণিতপুৰ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ভূপেশ চন্দ্ৰ দাসে । আজি বিয়লি উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এক সংবাদ মেলত অহা ১৩ নৱেম্বৰত জিলাখনৰ চাৰিখন মহাবিদ্যালয়ত এই বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি তেখেতে জানিবলৈ দিয়ে । যাৰ ভিতৰত ৭১ নং ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বাবে এল অ’ কে ডি মহাবিদ্যালয়, ৭৩ নং তেজপুৰ বিধানসভা সমষ্টিৰ বাবে দৰঙ মহাবিদ্যালয়, ৭৪ নং ৰঙাপাৰা বিধানসভা সমষ্টিৰ বাবে ৰঙাপাৰা মহাবিদ্যালয় আৰু ৭৫ নং চতিয়া বিধানসভা সমষ্টিৰ বাবে টি এইছ বি মহাবিদ্যালয়ত এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। কেউখন মহাবিদ্যালয়তে অনলাইন প্ৰক্ৰিয়া প্ৰজেক্টৰৰ জৰিয়তে দেখুওৱা হ’ব। ইয়াত ই আৰ অ, মাষ্টাৰ ট্ৰেইনাৰ আৰু কেম্পাছ এম্বেছেদৰসকল উক্ত দিনত মহাবিদ্যালয়ত উপস্থিত থাকিব।‌
লগতে সকলো বি এল অ’ য়ে ১৩ আৰু ১৪ নৱেম্বৰত নিজ নিজ ভোটকেন্দ্ৰত ভোটাদাতা পঞ্জীয়নৰ বাবে আৰু বুথ পৰ্যায়ৰ সজাগতা শিৱিৰৰ বাবে উপস্থিত থাকিব।
যিসকল ব্যক্তিয়ে নিজৰ নাম ভোটাৰ তালিকাত অন্তর্ভূক্ত কৰাৰ বাবে আগ্রহী, তেখতসকলে উক্ত দিন কেইটাত তেওঁলোকৰ সংশ্লিষ্ট ভোটদান কেন্দ্ৰসমূহত উপস্থিত হৈ বুথ পৰ্যায়ৰ বিষয়া তথা বি এল অ’ক সাক্ষাৎ কৰি নিজ নিজ প্ৰ-পত্ৰ পুৰণ কৰিব পাৰিব ।
আজিৰ সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ৰমী‌ বৰুৱা, সদৰ মহকুমাধিপতি তথা ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া বিৰাজ‌ বৰুৱা, জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱা উপস্থিত থাকে ।

যিসকল ব্যক্তিয়ে নিজৰ নাম ভোটাৰ তালিকাত অন্তর্ভূক্ত কৰাৰ বাবে আগ্রহী তেখেতসকলে অহা ৩০ নৱেম্বৰৰ ভিতৰত তেওঁলোকৰ সংশ্লিষ্ট ভোটদান কেন্দ্রসমূহত উপস্থিত হৈ বুথ পৰ্যায়ৰ বিষয়া তথা বি এল অ’ক সাক্ষাৎ কৰি নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ।
ইচ্ছুক ব্যক্তিসকলে নিজ এলেকাৰ ভোটদান কেন্দ্ৰলৈ গৈ বুথ পৰ্যায়ৰ বিষয়াৰ পৰা অফ লাইন আবেদন প-পত্ৰ সংগ্ৰহ কৰি ভোটাৰ হেল্পলাইন এপ অথবা NVSP পৰ্টেলৰ জৰিয়তে পপত্ৰসমূহ পূৰণ কৰিব পাৰিব।
অফ লাইন প-পত্ৰ নং ৬ পূৰণেৰে নতুন ভোটাৰ ৰূপে পঞ্জীয়ন কৰিবলৈ আবেদন কৰিব পাৰিব আৰু লগতে এই প পত্ৰৰ যোগেদি এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ নাম স্থানান্তৰ কৰিব পাৰিব।
প-পত্ৰ নং ৭ পূৰণেৰে নাম কর্তন বা ভোটাৰ তালিকাত থকা কোনো ভোটাৰৰ নাম কৰ্তন কৰাৰ ক্ষেত্ৰত অভিযোগ কৰিব পাৰিব।
প-পত্ৰ নং ৮ পূৰণেৰে ভোটাৰ তালিকাত থকা কোনো বিৱৰণী শুধৰণি কৰিব পাৰিব।
প-পত্ৰ নং ৮ (ক) পূৰণেৰে একেটা সমষ্টিতে থকা এটা ভোটদান কেন্দ্ৰৰ পৰা আন এটা ভোটদান কেন্দ্ৰলৈ নাম স্থানান্তৰ কৰিব পাৰিব।

অফ লাইন আবেদন প-পত্র সমূহ পূৰ্ণ কৰাৰ পিছত সেইবোৰ বুথ পৰ্যায়ৰ বিষয়া তথা বি এল অ’ ৰ ওচৰত দাখিল কৰিব পাৰিব।
আবেদন পত্ৰসমূহ ১ নৱেম্বৰৰ পৰা ৩০ নবেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। লগতে যিসকল ব্যক্তিয়ে এক জানুৱাৰী 2022 তাৰিখে ১৮ বছৰ সম্পূৰ্ণ কৰিব ইতিমধ্যে ১৮ বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকৰ ভোটাৰ ৰূপে নিজৰ নাম পঞ্জীয়ন কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে।

কোনো ভোটাৰৰ ওপৰত অভিযোগ আৰু আপত্তি থাকিলে তেওঁলোকে অহা ৩০ নৱেম্বৰৰ ভিতৰত নিজ নিজ সমষ্টিৰ নির্বাচনী পঞ্জীয়ক বিষয়া তথা ৰাজহ চক্ৰ বিষয়াক অভিযোগ দাখিল কৰিব পাৰিব।

বৰছলা বিধান সমষ্টিৰ বাবে এই কর্তৃত্ব ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক প্ৰদান কৰা হৈছে।

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.