ফইজুল হক চৌধুৰীৰ অসম খবৰ ২০ অক্টোবৰ :
মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই বিগত দিনত সমষ্টিটোৰ অন্তৰ্গত গাঁৱ সমুহৰ ৰাইজৰ মাজত সোমাই সুখ দুখৰ সমভাগী হোৱাৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত ৰোগীক সাহাৰ্যৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠাত, দুৰ্গা পূজা,শংকৰ উৎসৱ আদিত শুভেচ্ছা বাৰ্তা,আৰ্থিক সাহাৰ্য প্ৰদান কৰি অহাৰ সময়তে আজি বিধায়কগৰাকীয়ে তেওঁ সেৱা কেন্দ্ৰৰ সহায়ক তথা দলীয় কাৰ্য কৰ্তা সকলৰ জৰিয়তে শ্ৰী শ্ৰী লক্ষ্মী পূজাত এটি শুভেচ্ছা বাৰ্তা আৰু কিছু আৰ্থিক সাহাৰ্য প্ৰেৰণ কৰে।
আজি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ মৰ্মে তেওঁৰ সেৱা কেন্দ্ৰৰ সহায়ক প্ৰসেঞ্জিৎ চৌধুৰী, বনজিৎ শালৈ,টিকেন্দ্ৰজিৎ তালুকদাৰ,মদুপৱন শইকীয়াৰ তত্বাৱধানত তথা বিজেপি দলৰ দলীয় কাৰ্যকৰ্তাসকলৰ সহায়োগত সমষ্টিৰ প্ৰায় ২০০ খন লক্ষ্মী পূজাত এই শুভেচ্ছা বাৰ্তা আৰু কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰে।
এই উপলক্ষে আজি সমষ্টিৰ ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ এলেকাধীন প্ৰায়সমুহ লক্ষ্মী পূজাতে নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ সেৱা কেন্দ্ৰৰ সহায়ক বনজিৎ শালৈ, ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মনেশ্বৰ ভৰালী,বাঘমাৰা বুথ বিজেপি (ক) ৰ সাধাৰণ সম্পাদক কিশোৰ ভৰালী, বিজেপিৰ বাঘমাৰা বুথ (খ) সভাপতি পুলেন কলিতা আদিয়ে উপস্থিত হৈ বিধায়ক বৰুৱাই প্ৰেৰণ কৰা লক্ষ্মী পূজাৰ শুভেচ্ছা বাৰ্তা আৰু কিছু আৰ্থিক অনুদান প্ৰদান কৰা পৰিলক্ষিত হয়।
Leave a Reply Cancel reply