শেহতীয়া আপডেটঃ

শোণিতপুৰত  মাৰণাস্ত্ৰ উদ্ধাৰ

 

শোণিতপুৰত  মাৰণাস্ত্ৰ উদ্ধাৰ

 

Tezpur  15 Oct  : বিজয়া দশমীৰ দিনটোত অশুভ শক্তিৰ ওপৰত সত্য আৰু শুদ্ধৰ জয় উদযাপন কৰে ভক্তগণে ।

সমগ্ৰ ৰাজ্যতে ৰাইজে শাৰদীয় দুৰ্গা পূজাৰ আনন্দ লভিছে ৷

তেনে সময়তে শোণিতপুৰত আৰক্ষীয়ে এটা ০.৩২ পিষ্টল, ৬ ৰাউণ্ড সজীৱ গুলী আৰু ২ টাকৈ মেগজিন উদ্ধাৰ কৰি অপৰাধৰ বিৰুদ্ধে বিজয় পালন কৰিছে ।

উক্ত মাৰণাস্ত্ৰ তথা আনুসংগিক সামগ্ৰী সমূহ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত আকাবস্তীৰ নিৱাসী মঃ আজীমুদ্দীন আলীৰ পুত্ৰ মঃ আকাশ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

ইয়াৰ লগতে ঘটনাৰ সৈতে জড়িত লোকজনকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

সম্প্ৰতি উক্ত ঘটনা সন্দৰ্ভত আইনী প্ৰক্ৰিয়া বৰ্তমান অব্যাহত আছে আছে বুলি শোণিত পুৰ জিলা আৰক্ষীয়ে টুইট যোগে জানিবলৈ দিছে ।

উল্লেখযোগ্য যে, ৰাজ্যত উৎসৱৰ বতৰত সংঘটিত হ’ব পৰা কূটাঘাট নিয়ন্ত্ৰণৰ বাবে এইবেলিৰ দুৰ্গা পূজাৰ আগৰে পৰাই সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে বিশেষ ভূমিকা পালন কৰা দেখা গৈছিল ৷
এনে সময়তে এতিয়া শোণিতপুৰ আৰক্ষীয়ে এইদৰে উৎসৱৰ মাজতে মাৰণাস্ত্ৰ উদ্ধাৰ কৰা কাৰ্যক সম্প্ৰতি সচেতন মহলে শলাগ লৈছে ৷

album-art
Roi Roi Binale A Zubeen Garg Musical
00:00
Sorry, no results.
Please try another keyword
  • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
  • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
  • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
  • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS
  • ROI ROI BINALE- TITTLE TRACK |ZUBEEN GARG |GEOCONDA VESSICHELLI |
  • Tumar Nilim Kothar Dore | Zubeen Garg | RGS | Roi Roi Binale |
  • Dusokur Kajolere | Zubeen Garg | SABITA SHARMA GOSWAMI, ARUNDHATI BHANU PRIYA | Zeal Creations |
  • Mon Gole-Roi Roi Binale | Zubeen Garg | Achurjya Borpatra | Fency Rajkumari | Zeal Creations" by Zeal Creations.
  • ROI ROI BINALE JUKEBOX | ZUBEEN GARG |
  • FREE BIRD | ZUBEEN GARG |
  • Herowa Chanda- Trailer
spot_imgspot_imgspot_imgspot_img

Latest Posts

বিশেষঃ

Stay in touch

To be updated with all the latest news, offers and special announcements.