আজি লাডাখলৈ ২ দিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ; সেনা জোৱানসকলৰ সৈতে দশেৰা উদযাপন কৰিব

■ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আজিৰ পৰা লাডাখ আৰু জম্মু-কাশ্মীৰৰ দুদিনীয়া ভ্ৰমণসূচীৰে লেহত উপস্থিত হ’ব। কোবিন্দে লেহ বিমানবন্দৰত গাৰ্ড অফ অনাৰ লাভ কৰিব। লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ আৰ কে মাথুৰৰ সৈতে বাৰ্তালাপৰ পিছত তেওঁ সিন্ধু মন্দিৰ দৰ্শনৰ বাবে সিন্ধু ঘাটলৈ যাব। লগতে সিন্ধু ধৰ্মগুৰুসকলকো সাক্ষাৎ কৰিব। এই ভ্ৰমণসূচী তেওঁৰ লেহলৈ কৰা দ্বিতীয় ভ্ৰমণ হ’ব। সন্ধিয়া জম্মু-কাশ্মীৰৰ উধমপুৰত সৈন্যবাহিনী লোকৰ সৈতে বাৰ্তালাপত মিলিত হ’ব।

কাইলৈ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ ৰাষ্ট্ৰপতিয়ে কাৰ্গিল যুদ্ধ স্মাৰকত পুষ্পঞ্জলি অৰ্পণ কৰিব। সেনাৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁক কাৰ্গিল যুদ্ধৰ বিষয়ে অৱগত কৰিব। যুদ্ধ স্মাৰকত সৈন্যসকলৰ সৈতেও বাৰ্তালাপ কৰিব। ৰাষ্ট্ৰপতিয়ে সেনা জোৱানসকলৰ সৈতে কাইলৈ দশেৰা উদযাপন কৰিব। ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ সীমান্ত আৰু বিমানক্ষেত্ৰত সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*