■ আজি ৰঙাপৰাত গুৰুদ্বৱাৰত শ্ৰী গুৰু সিং সভাত স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিলে মৃত্যুঞ্জয় সেৱা। দিনৰ ১ বজাত ৰঙাপৰা পৌৰ সভাৰ এম্বুলেন্স খন ৰাইজৰ সেৱাৰ বাবে বিধায়ক কৃষ্ণ কমল তাঁতীয়ে স্থানীয় গুৰুদ্বৱাৰত শ্ৰী গুৰু সিং সভাক প্ৰদান কৰে।
উল্লেখ্য যে ৰঙাপৰা পৌৰসভাত অচল অৱস্হাত থকা মৃত্যুঞ্জয় সেৱাৰ বাহন খনৰ মেৰামতি কৰি ভৱিষ্যতে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ বিধায়ক তাঁতীয়ে নিকটৱর্তী গুৰুদ্বাৰা সমিতিক অৰ্পণ কৰে আৰু এই মৃত্যুঞ্জয় সেৱা সাধাৰণ ৰাইজৰ সুবিধাৰ হিতে ব্যৱহাৰপযোগী কৰিবলৈ নিৰ্দেশ দিয়ে।আজিৰ সভাত গুৰুদ্বাৰা শ্ৰী গুৰু সিং সভাৰ সভাপতি জগমিত সিং, সম্পাদক পবিন্দ্ৰ পাল সিং, বিজেপি কৰ্মকৰ্তা লগতে বহু গন্য মান্য ব্যাক্তিয়ে অংশগ্ৰহণ কৰে।
ইপিনে এসময়ৰ ছাত্ৰ নেতা তথা বিধায়ক কৃষ্ণ কমল তাঁতীয়ে নিজৰ ভাষণত কয় যে,
সেৱাই মোৰ কাৰণে ধৰ্ম, সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে ৰাইজৰ কাম কাজবোৰ কেনেদৰে আগুৱাই নিব পাৰি তাৰেই পৰিকল্পনা কৰি আছোঁ বুলি উল্লেখ কৰে।ৰাইজৰ অপৰিসীম কষ্ট আৰু আশীৰ্বাদৰ বাবেই তেওঁ বিজয়ী হ’বলৈ সক্ষম হ’ল বুলি উল্লেখ কৰে। অনাগত দিনবোৰতো এনেকৈয়ে ৰাইজৰ তথা সমষ্টিটোৰ সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰি যোৱাৰ বাবে সাহস আৰু প্ৰেৰণা দি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
আজি দুপৰীয়া গুৰুদ্বাৰাত উপস্থিত হৈ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে এক প্ৰাৰ্থনা সভাতো অংশগ্ৰহণ কৰে।
Leave a Reply Cancel reply