♦ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ১১ জুলাইত ওজাপালি লোকসংস্কৃতিৰ এগৰাকী একনিষ্ঠ ধাৰক–বাহক, বিশিষ্ট ডাইনাপালি প্ৰভাত হালৈৰদ্বাৰা ৰচিত আৰু নলবাৰী জিলা সাহিত্য সভাই প্ৰকাশ কৰা ’বন্দনামালা’ আৰু ‘লোককলাৰ সাঙী’ নামৰ দুখন পুথি উন্মোচন কৰা হয় । নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত এই উপলক্ষে আয়োজিত সভাত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । ‘বন্দনামালা’ পুথিখন অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই আৰু ‘লোককলাৰ সাঙী’ নামৰ পুথিখন উন্মোচন কৰে চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ সঞ্জীৱ কুমাৰ গোস্বামীয়ে । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই সভাত সমৱেত সকলোলৈ সম্ভাষণ জ্ঞাপন কৰি অনুষ্ঠান আয়োজনৰ উদ্দেশ্য বিৱৰি কয় ।
Leave a Reply Cancel reply