■ নুৰ ইছলাম সেখ, গৌৰীপুৰ● বিটিআৰ কোকৰাঝাৰ জিলা অন্তৰ্গত পৰ্বতঝোৰা মহকুমাৰ দেৱীতোলা উন্নায়ন খণ্ডৰ দেৱীতোলা ভি চি ডি চিৰ অন্তৰ্গত থুৰীয়া পাহাৰৰ পৰা ভায়াহৈ দেবীতোলা লৈ যোৱা পকী পথ নিৰ্মাণৰ বাবে ২০১৮-২০১৯ বৰ্ষত প্ৰায় ১৫ কোটি টকা আবন্টন দিছিল চৰকাৰে৷
কেন্দ্ৰত থকা নৰেন্দ্ৰ মোডী চৰকাৰ আৰু ৰাজ্যখনত থকা সৰ্বানন্দ সোনোৱাল আৰু বি টি আৰত থকা হাগ্ৰামা মহিলাৰী চৰকাৰৰ দিনত এই পথ নিৰ্মাণৰ কাম আৰাম্ভ হৈছিল৷ কিন্ত পথটোৰ নিৰ্মাণৰ কাম ঠিকা লাভ কৰা ঠিকাদাৰ জনে কোনো কামৰ চাইনবৰ্ড লগোৱা দেখা নগ’ল।
কিমান টকাৰে হ’ব পথটো নিৰ্মাণৰ পথ সকলো অজ্ঞাত। পথ নিৰ্মাণৰ কাম যি গৰাকী ঠিকাদাৰে লাভ কৰিছিল ঠিকাদাৰ গৰাকী হৈছে হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ ব্যক্তি। পথ নিৰ্মাণৰ চোৱা-চিতাৰ বাবে হাগ্ৰামা মহিলাৰীৰ খুল শালিয়েক তথা ১নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ এম ছি এল এ মুন মুন ব্ৰহ্মক দায়িত্ব অৰ্পণ কৰিছিল বুলি জানিব পৰা গৈছে ৷
Leave a Reply Cancel reply