গহপুৰ দুৰ্নীতিপৰায়ণ লাট মণ্ডলক নিলম্বন
বিশ্বনাথ চাৰিআলি, 30 জুন:-ব্যাপক অনিয়মৰ অভিযোগ লাভ কৰাৰ পাছত বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই গহপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল হেমন্ত গোহাঁইক চাকৰিৰ পৰা নিলম্বিত কৰিছে।
লাট মণ্ডল হেমন্ত গোহাঁই ফটো
লাট মণ্ডলগৰাকীয়ে অলপতে কিছু লোকৰ পৰা উৎকোচ দাবী কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল। এই বাতৰি উপায়ুক্তৰ দৃষ্টি গোচৰ হোৱাৰ লগে লগে তেখেতে গহপুৰৰ মহকুমাধিপতি আৰু গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ পৰা প্ৰতিবেদন বিচাৰে আৰু উক্ত প্ৰতিবেদনৰ ভিত্তিত লাট মণ্ডলজনক নিলম্বন কৰা হয়। নিজৰ কৰ্তব্য পালনত গোহাঁইয়ে ব্যাপক অনিয়ম সংঘটিত কৰাৰ তথ্য প্ৰতিবেদনত প্ৰকাশ পায়। বিভাগীয় কাৰ্য-ব্যৱস্থাও তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব।
“দুৰ্নীতিগ্ৰস্ত আৰু অনিয়ম সংঘটিত কৰাসকলৰ প্ৰতি ই এক কঠোৰ সকিয়নি। প্ৰতিজন বিষয়া আৰু কৰ্মচাৰীয়ে নিজৰ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰিব লাগিব আৰু জিলাখনৰ উন্নয়ন আৰু ৰাইজৰ কল্যাণৰ হকে নিজকে উৎসৰ্গিত কৰিব লাগিব “, এই বুলি জিলা উপায়ুক্তগৰাকীয়ে মন্তব্য কৰে।
নিলম্বিত লাট মণ্ডলগৰাকীক জিলা উপায়ুক্তৰ আগতীয়া অনুমতি অবিহনে কাৰ্যালয়থলীৰ পৰা আতৰি যোৱাটো বাৰণ কৰা হৈছে।
Leave a Reply Cancel reply