জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত
বিশ্বনাথত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনঃ চাৰি গৰাকী সাংবাদিকক সম্বৰ্দ্ধনা
অসম খবৰ বিশ্বনাথ চাৰিআলি,১৬ নবেম্বৰ
বিশ্বনাথ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত আজি বিশ্বনাথত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, ২০২৫ ।


আমন্ত্ৰিত বক্তা গৰাকীয়ে নিৰ্দিষ্ট বিষয়টোৰ ওপৰত আলোকপাত কৰি কয় যে, পৰিবৰ্তিত সময়ত বৰ্দ্ধিত সংবাদ মাধ্যম তথা বৰ্দ্ধিত সাংবাদিকৰ বাতৰিৰ মানদণ্ডৰ পৰিৱৰ্তন দেখা পোৱা গৈছে। বিভ্রান্তিমূলক তথ্যৰ বিপৰীতে শুদ্ধ আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত বাতৰিৰ বাবে সংবাদ মাধ্যম আৰু সাংবাদিক সকলক স্বাধীনতাও প্ৰদান কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰি এই ক্ষেত্ৰত তেওঁ চৰকাৰ আৰু সংবাদ প্ৰতিস্থান সমুহৰ কৰণীয় আছে বুলি মন্তব্য কৰে।
বিশ্বনাথৰ অতিৰিক্ত জিলা আয়ুক্ত অসীম বৰগোহাঁই, সহকাৰী আয়ুক্ত মঞ্জুশ্ৰী বৰা প্ৰমুখ্যে বিষয়া আৰু বিভাগীয় কৰ্মচাৰীসকলৰ লগতে জিলাখনৰ প্ৰায় অৰ্ধ শতাধিক সাংবাদিক উপস্থিত থকা অনুষ্ঠানটিত এইবেলি বিশেষভাৱে জনসংযোগ বিভাগৰ ফালৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় জিলাখনৰ চাৰি গৰাকী সাংবাদিকক। উল্লেখ্য যে দীৰ্ঘদিন ধৰি সংবাদসেৱাৰ লগত নিজকে জড়িত কৰি অবিৰত সেৱা আগবঢ়োৱা নিয়মীয়া বাৰ্তা কাকতৰ চতিয়াৰ সাংবাদিক প্ৰণৱ ওজা, গণ অধিকাৰ কাকতৰ বিশ্বনাথ চাৰিআলিৰ সাংবাদিক জয়ন্ত বৰুৱা, ই টিভি ভাৰত আৰু দৈনন্দিন বাৰ্তা কাকতৰ বিশ্বনাথৰ সাংবাদিক তথা গণ অধিকাৰ কাকতৰ বিহালীৰ সাংবাদিক শ্ৰীমন্ত দাস, বৈদ্যুতিন সংবাদ মাধ্যম প্ৰাগ নিউজৰ গহপুৰৰ সাংবাদিক ৰাজীৱ বৰাক এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। জনসংযোগ বিভাগৰ হৈ ৰণজিৎ শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত সম্বৰ্দ্ধিত সাংবাদিকসকলৰ হৈ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ ওজা আৰু অতিথি সাংবাদিক, বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাৱৰ উপদেষ্টা বসন্ত বৰাই নাতিদীৰ্ঘ বক্তব্য দাঙি ধৰে। আজিৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি ৰাষ্ট্ৰীয় সংগীতেৰে সামৰনি পৰে।





