গুৱাহাটী; ১২ ছেপ্টেম্বৰ, ২০২৫: মহানগৰীৰ খাদ্যপ্ৰেমীসকলৰ বাবে ৰেডিচন ব্লু গুৱাহাটীয়ে এইবাৰ লৈ
আহিছে এক নতুন ভোজন অভিজ্ঞতা- ‘বেংগলী ফুড ফেষ্টিভেল’। ১০ দিনীয়া এই ৰন্ধন কলা মহোৎসৱে
গুৱাহাটীৰ বুকুলৈ কঢ়িয়াই আনিব বংগৰ চহকী আৰু হৃদয়স্পৰ্শী সোৱাদ। ২৬ ছেপ্টেম্বৰৰ পৰা ৫
অক্টোবৰলৈ দৈনিক সন্ধিয়া ৭ বজাৰ পৰা নিশা ১১ বজালৈ ৰেডিচন ব্লু গুৱাহাটীৰ কেফে বি ইউত আয়োজন
কৰা হৈছে এই বিশেষ খাদ্য উৎসৱৰ। উল্লেখ্য যে, এই বিশেষ পৰ্বত অতিথিসকলে পৰম্পৰাগত বেংগলী
ব্যঞ্জন আৰু প্ৰামাণিক ৰেচিপিৰ জৰিয়তে বংগৰ প্ৰকৃত সোৱাদ আৰু আবেগ অনুভৱ কৰাৰ এক অনন্য
সুযোগ লাভ কৰিব।
এই খাদ্য উৎসৱত পৰিৱেশন কৰা হ’ব বিভিন্ন ধৰণৰ প্ৰসিদ্ধ আৰু জুতি লগা বেংগলী খাদ্য। ৰসগোল্লা
আৰু সন্দেশৰ তৃপ্তিদায়ক মিঠাৰ পৰা আৰম্ভ কৰি পায়সৰ কোমল আৰু ক্ৰীমযুক্ত সোৱাদলৈ, আলু
পেষ্টৰৰ দেশী সোৱাদৰ পৰা বেগুন ভৰ্তাৰ ভাপপূৰ্ণ জুতি কিম্বা চিকেন কোশ্বাৰ তপ্ত সোৱাদলৈ প্রতিবিধ
খাদ্যই অতিথিসকলক প্ৰদান কৰিব এক চহকী সমৃদ্ধ অভিজ্ঞতা। ইয়াৰোপৰি এই খাদ্যসম্ভাৰত সাগৰীয়
খাদ্যপ্ৰেমীৰ বাবে থাকিব মাছেৰ জোল, সৰিয়হৰ সোৱাদযুক্ত চৰছে ইলিছ, ক্ৰীমযুক্ত শিংৰী মালাই কাৰী
আৰু অতি সযতনে ভাপত দিয়া পাতুৰিৰ দৰে বিশেষ ব্যঞ্জন। এই উৎসৱত খাদ্যপ্ৰেমী অতিথিসকলক
পৰিৱেশন কৰিবলগীয়া প্ৰতিবিধ ব্যঞ্জনেই আন্তৰিকতাৰে সযতনে প্ৰস্তুত কৰা হ’ব, য’ত অনুভৱ হ’ব
পৰম্পৰা আৰু ৰন্ধন কলাৰ অপূৰ্ব সংমিশ্ৰণ। বিশেষভাৱে প্ৰস্তুত কৰা এই মেন্যুৱে অতিথিসকলক লৈ যাব
বংগৰ সজীৱ ৰাজপথ আৰু উৎসৱমুখৰ সেই ঘৰবোৰলৈ, য’ত খাদ্য মানে কেৱল পুষ্টি নহয়, বৰঞ্চ ই হৈছে
জীৱন আৰু সংস্কৃতিৰ এক অনন্য উদযাপন।
কেফে বি ইউৰ এই বিশেষ খাদ্য উৎসৱ সন্দৰ্ভত ৰেডিচন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ
মেহৰোত্ৰাই কয়, “ৰেডিছন ব্লু গুৱাহাটীত আমি বিশ্বাস কৰোঁ যে খাদ্য হৈছে কাহিনী, পৰম্পৰা, আৰু ভাগ
বতৰা কৰাৰ মাধ্যম। বেংগলী ফুড ফেষ্টিভেলৰ জৰিয়তে আমি বংগৰ ৰন্ধন ঐতিহ্যক উদযাপন কৰিব
বিচাৰিছো আৰু অতিথিসকলক ৰুচি, সুগন্ধি আৰু স্মৃতিৰ এক অনন্য যাত্ৰালৈ আমন্ত্ৰণ জনাব বিচাৰিছো।”
এই উৎসৱত অতিথিসকলে উপভোগ কৰিব পাৰিব বংগৰ সাংস্কৃতিক সমৃদ্ধিক জীৱন্ত কৰি তোলা শিল্প
আৰু ডিজাইনৰ পৰিৱেশেৰে আবৃত্ত এক সজীৱ খাদ্য অভিজ্ঞতা। এই উৎসৱ পৰিয়াল, বন্ধু-বান্ধৱী আৰু
খাদ্যপ্ৰেমীৰ বাবে এক আদৰ্শ সমাৱেশ হ’ব, য’ত তেওঁলোকে নতুন সোৱাদ আৱিষ্কাৰ কৰিব পাৰিব আৰু
পুৰণি প্ৰিয় খাদ্যৰ স্মৃতি পুনৰ সজীৱ কৰিব পাৰিব।
আসন সংৰক্ষণ আৰু অধিক তথ্যৰ বাবে যোগাযোগ কৰক: +৯১ ৬৯০১২ ৫৩৫২৭ নম্বৰত।





