¦কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰাত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে কৰ’না মুক্ত হ’ল এখন গাওঁ। গাওঁ খন হৈছে কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰ। এই গাওঁখনত একেটা পৰিয়ালতে তিনি গৰাকী লোক আক্ৰান্ত হৈছিল মহামাৰী কৰ’নাত৷ হাৰিমুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰেপিড টেষ্ট কৰাৰ সময়তে এই লোক কেই গৰাকীৰ দেহত কৰ’না পজিটিভ ধৰা পৰিছিল যোৱা ১ মে তাৰিখে৷ আক্ৰান্ত লোক কেইগৰাকী আছিল দিলীপ ৰায়, তেওঁৰ পত্নী জুনুমাই কলিতা আৰু বায়েক মাধুৰী ৰায় ৷ ইয়াৰ পিছতে বিগত ১৪ দিনে পৰিয়ালটোক হোম আইছ’লেচনত ৰখাৰ দিহা কৰে স্বাস্থ্য বিভাগে। আজি তেওঁলোকৰ হোম আইছ’লেচনৰ কাল সামৰণি পৰাত স্বাস্থ্য বিভাগে পৰিয়ালটোৰ পুণৰ স্বাস্থ্য পৰীক্ষা কৰে৷ পৰীক্ষাত পৰিয়ালটোৰ আটাই কেইগৰাকী সদস্যৰে কৰ’না নিগেটিভ ওলোৱাত পৰিয়ালটোৰ লগতে গাওঁবাসীয়ে স্বস্তিৰ নিশ্বাস ১৪। সম্প্ৰতি গাওঁ খনত এজনো ক’ৰোনা ৰোগী নথকা বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে।
Leave a Reply