ৰিকাৰ্ভ ৱমেনত জিলিকিল অসমৰ জেস্না,এ আই পি এছ চি বিৰ প্ৰমিলা দৈমাৰী
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত শনিবাৰৰ পৰা আৰম্ভ হ’ল দুদিনীয়াকৈ অনুষ্ঠিত ” খেলো ইণ্ডিয়া-এন টি পি চি মাণ্ডলিক মুকলি আৰ্চাৰী প্ৰতিযোগিতা”। আৰ্চাৰী এছচিয়েচন অৱ ইণ্ডিয়াৰ সহযোগত অসম আৰ্চাৰী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অসমকে ধৰি মুঠ ৮ খন ৰাজ্যৰ খেলুৱৈয়ে । ৰিকাৰ্ভ আৰু কম্প্ৰাউণ্ড শাখাৰ বাবে অনুষ্ঠিত হোৱা এই টুৰ্ণামেন্টত ক্ৰীড়াঙ্গনত সমাবেশ ঘটিল মুঠ ১৩৪ গৰাকী আৰ্চাৰৰ। অসমৰ ৩৮ গৰাকী আৰ্চাৰে এই প্ৰতিযোগিতাত হাতত তুলি ল’লে ধেনু । এ আই পি এছ চি বি-ৰ হৈ আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰ প্ৰমিলা দৈমাৰীৰ দৰে খেলুৱৈও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে ।
টুৰ্ণামেন্টৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক পুলিন সাহা আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিল ডাইৰেক্টৰ অৱ স্পৰ্টছৰ লাইজন অফিচাৰ বিধান দাস। তদুপৰি এই অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা অসম আৰ্চাৰী সন্থাৰ উপ-সভাপতি ড. বন্দনা চৌধুৰী,এল পি সিং,অপূৰ্ব শইকীয়া,মৃদুল মেধি ,সঞ্জীৱ কুমাৰ দাস ,সম্পাদক জয়ন্ত বড়ো,
যুটীয়া সম্পাদক চন্দন ভট্টাচাৰ্য আৰু কোষাধ্যক্ষ লোহিত দাসৰ দৰে বিশিষ্ট ব্যক্তিসকল ।
শনিবাৰে প্ৰতিযোগিতাৰ প্ৰথমদিনা ৰিকাৰ্ভ অনুষ্ঠিত হোৱাৰ বিপৰীতে অন্তিমদিনা দেওবাৰে অনুষ্ঠিত হ’ব কম্প্ৰাউণ্ড শাখাৰ খেল ।
ৰিকাৰ্ভ ৱমেনত শীৰ্ষ চাৰিত জিলিকি উঠা খেলুৱৈ সকল হ’ল ক্ৰমে – অসমৰ জেস্না ব্ৰহ্ম, নাগালেণ্ডৰ কেভিকিনো ৰিখা, এ আই পি এছ চি বিৰ প্ৰমিলা দৈমাৰী আৰু মেঘালয়ৰ দামন্দা শীষা পাচি।
আনহাতে,ৰিকাৰ্ভ মেন ইভেন্টত জিলিকি উঠা উত্তৰ পূবৰ চাৰিগৰাকী খেলুৱৈ ক্ৰমে- মণিপুৰৰ নেমিৰাকপাম মেইটেই, মেঘালয়ৰ দেৱৰাজ মহাপাত্র,মণিপুৰৰ টাখলেম্বাম সেন মেইটেই আৰু মেঘালয়ৰ আমেবালাকাৰ ৱানিয়াং।
উল্লেখ্য যে,মুঠ দুই লাখ টকাৰ প্ৰাইজমাণি সম্বলিত টুৰ্ণামেন্টখনত ল’ৰা -ছোৱালী উভয় শাখাতে শীৰ্ষ চাৰিটা স্থানৰ খেলুৱৈয়ে লাভ কৰিব ক্ৰমে -২০ হাজাৰ,১৫ হাজাৰ,১০ হাজাৰ আৰু ৫ হাজাৰ টকাৰ ধনৰাশি ।
Leave a Reply Cancel reply