অসমীয়া যুৱক যুৱতীয়ে কাৰিকৰী দিশত যথেষ্ট আগবাঢ়িছে: সৌন্দৰ্য বিশেষজ্ঞ ৰাজু ৰিয়াজ

উত্তৰ গুৱাহাটীত অত্যাধুনিক পাৰ্লাৰ মুকলি

বৰ্তমান অসমীয়া যুৱক যুৱতীয়ে কাৰিকৰী দিশত যথেষ্ঠ আগবাঢ়িছে। যাৰ বাবে বিউটি পাৰ্লাৰ দৰে কাৰিকৰী দিশতো অসম নহয় ভাৰত নহয় আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰতো উজলিবলৈ সক্ষম হৈছে। এনেদৰে কয় আজি উত্তৰ গুৱাহাটী অভয়পুৰৰ শ্যাম মাৰ্কেটত প্ৰথমবাৰলৈ এখনি অত্যাধুনিক পাৰ্লাৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ আগশাৰীৰ সৌন্দৰ্য প্ৰশিক্ষক ৰাজু ৰিয়াজে।


পাৰ্লাৰখন ফিটাকাটি আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে জনপ্ৰিয় কণ্ঠশিল্পী হিয়া মেধীয়ে। আন্তৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈ তথা অসম অলিম্পক সংন্থাৰ সদস্য কৰুণা শইকীয়াৰ
নেতৃত্বত গঢ়ি তোলা হৈছে ইউনিচেক্স নামৰ অত্যাধুনিক চেলুন খন। কম খৰচত ৰাইজক সৌন্দৰ্য্য ব্যৱস্থাপনা কৰা আৰু অসমীয়া যুৱক যুৱকীক কৰ্মংসস্থান দিয়াৰ প্ৰয়াসৰে উত্তৰ গুৱাহাটীত এনেধৰনৰ অত্যাধুনিক সৌন্দৰ্যবদ্ধক চেলুন স্থাপন কৰা হৈছে বুলি ইউনিচেক্স নামৰ অন্যতম স্বতাধিকাৰী টিংকু মণি দাসে মত পোষণ কৰে। অঞ্চলটোৰ অৰ্ধশত‍াধিক যুৱক যুৱকী উপস্থিত থকা পাৰ্লাৰ মুকলি অনুষ্ঠানত জ্যেষ্ঠ সমাজকৰ্মী নলিনী পাঠকক সম্বৰ্ধনা জনোৱা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*