২৬ ডিচেম্বৰ বৃহস্পতিবাৰে প্ৰয়াত কবি অলকেশ কলিতাৰ জীৱনৰ শেষৰখন কবিতাপুথি ‘অপূৰ্ণ পুস্তক’ উন্মোচিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত। লগতে অলকেশ কলিতাৰ জীৱনৰ প্ৰথমখন কবিতাপুথি ‘ভাস্কৰ’ৰ দ্বিতীয় সংস্কৰণো একেটি অনুষ্ঠানতেই উন্মোচিত হয়। দুয়োখন কবিতাপুথিৰে প্ৰকাশক অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী ‘পাঞ্চজন্য’।
এই অনুষ্ঠানত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট কবি নীলিম কুমাৰ, নীলিমা ঠাকুৰীয়া হক আৰু শিক্ষাবিদ পূৰ্ণ ভট্টাচাৰ্য। এই অনুষ্ঠানত উপস্থিত অভ্যাগতসকলে অলকেশ কলিতাৰ কাব্যসাধনা সন্দৰ্ভত বিস্তৰ আলোচনা কৰে।
অসমৰ সাহিত্য জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোৰে প্ৰয়াত কবি অলকেশ কলিতাৰ চমু জীৱন তথা কাব্যচৰ্চাৰ ওপৰত আলোকপাত কৰা হয়।
Leave a Reply