আজাৰা ,৪ ডিচেম্বৰ : সীমান্ত নিৰাপত্তা বাহিনীৰ ( বি এছ এফ ) আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত পহিলা ডিচেম্বৰৰ পৰা চলি থকা স্বচ্চতা পক্ষেকৰ লগত সংগতি ৰাখি “স্বচ্ছতা হে সেৱা” বাণীৰ আধাৰত ৩ ডিচেম্বৰত আজাৰা অঞ্চলত এক বৃহৎ চাফাই অভিযান চলোৱা হয়।
বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক গৰাকীৰ তদাৰকতাত চলোৱা চাফাই অভিযানত ভাগ লোৱা বিষয়া – জোৱান সকলে আজাৰা ৰেলৱে ষ্টেছন চৌহদ, ৰাণীগেট বজাৰ চৌহদ আৰু গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত হাতে হাতে ঝাৰু, কোৰ, কোডাল লৈ জাবৰ – যোথৰ আৰু আৱৰ্জনা সমূহ চাফ – চিকুণ কৰে। ইফালে বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ জনসম্পৰ্কৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি একে সময়তে গুৱাহাটী ফ্ৰন্টিয়াৰৰ অধীনত থকা তিনিটাকৈ চেক্টৰ মুখ্য কাৰ্যালয়, বেটেলিয়ান মূখ্য কাৰ্যালয় আৰু ভাৰত – বাংলাদেশ আন্তৰ্জাতিক সীমান্তত থকা সীমান্ত নিৰীক্ষণ চকী সমূহৰ উদ্যোগতো চাফাই অভিযান চলোৱা হয়।
Leave a Reply