ছিনিয়ৰ ৰাজ্যিক বক্সিং : পুৰুষৰ ৪৭ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ গৌৰৱ মজুমদাৰ আৰু গৌতম পেগু

■ গুৱাহাটীৰ পল্টন বজাৰৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ [ছাই]ৰ কেন্দ্ৰত অসম বক্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত ৪৪ সংখ্যক সদৌ অসম ছিনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ আজি ছেমিফাইনেল খেলসমুহ অনুষ্ঠিত হয়৷

পুৰুষৰ ৪৭ কেজি শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে গৌৰৱ মজুমদাৰ আৰু গৌতম পেগু৷ ৫০ কেজিৰ ফাইনেল অনুষ্ঠিত হ’ব এইছ এল হামাৰ আৰু বিবেক মজুমদাৰৰ মাজত৷ ইফালে ৫৫ কেজিৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰাহুল কুমাৰ আৰু বুলেন বুঢ়াগোহায়ে৷ ৬০ কেজিৰ ফাইনেলত স্থান নিশ্চিত কৰে ৰণ্টু মৰান আৰু স্বদেশ বুঢ়াগোহায়ে৷ আনহাতে, অভিনৱ শইকীয়া আৰু কপিল বৰগোহায়ে ৬৫ কেজিৰ ফাইনেলত মুখামুখি হ’ব৷

পুৰুষৰ পাঁচটা তথা মহিলাৰ দহটা ওজন শাখাৰ ছেমিফাইনেল চলি আছে৷ আজি নিশাতে ছেমিফাইনেল সমাপ্ত হোৱাৰ বিপৰীতে কাইলৈ অন্তিমদিনা উভয় শাখাৰ ফাইনেলসমুহ অনুষ্ঠিত হ’ব৷

ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিব প্ৰধান তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি কাইলৈ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাই৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*