আজি উকীল সন্থাৰ উদ্যোগত সুধাকন্ঠৰ মৃত্যুবাৰ্ষিকীঃ সমস্বৰে ২০০ গৰাকী অধিবক্তাই পৰিৱেশন কৰিব ‘মানুহে মানুহৰ বাবে’ গীত

গুৱাহাটীঃ বিগত বছৰৰ দৰে এইবেলিও উকীল সন্থা, গুৱাহাটীৰ উদ্যোগত সন্থাৰ কাৰ্যালয়ৰ চৌহদত ৫ নৱেম্বৰত ড০ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উদযাপন কৰা হ’ব৷ সমাজলৈ এক বাৰ্তা দিয়াৰ লক্ষ্যৰে সমস্বৰে প্ৰায় ২০০ গৰাকী অধিবক্তাই সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গীতটি পৰিবেশন কৰিব৷ লগতে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিতব্য অনুষ্ঠানত সুধাকণ্ঠৰ গীত, কবিতা পৰিবেশন কৰিব সন্থা অধিবক্তা শিল্পীসকলে৷

Be the first to comment

Leave a Reply

Your email address will not be published.


*