গুৱাহাটীঃ জনপ্ৰিয় ‘বিস্ময়’ আলোচনীৰ স্বত্বাধিকাৰী, সম্পাদক, বিশিষ্ট সাহিত্যিক শশী ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰাগজ্যোতিশিয় সন্মিলনীয়ে ।এক শোক বাৰ্তাত সন্মিলনীৰ সভাপতি দেৱান ধ্ৰুৱজ্যোতি মৰলে কয় – ‘বিস্ময়’ আলোচনী প্ৰকাশৰ জৰিয়তে এক যুগ সৃষ্টি কৰি অসমীয়া সাহিত্যলৈ প্ৰভূত বৰঙণি যোগাই যোৱা এই গৰাকী প্ৰাক্তন প্ৰাগজ্যোতিক্ষীয় মৃত্যুত আমি মৰ্মাহত হৈছো। তেঁও প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে গল্প ৰচনাৰে অসমীয়া সাহিত্যলৈ বৰঙণি যোগাই গৈছে। পাছলৈ বিস্ময় আলোচনী প্ৰকাশ আৰু সম্পাদনাৰ জৰিয়তে প্ৰায় পাঁচটা দশকত বহু নতুন লেখকৰ সৃষ্টি কৰিছে। তেঁওৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে এক অপুৰনীয় ক্ষতি। সম্মিলনীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
Leave a Reply Cancel reply