অসম আৰক্ষীৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষাতো ব্যাপক অনিয়মৰ অভিযোগ

◊ এই অভিযোগ আমাৰ নহয় এই অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীয়ে৷ বিটিআৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী পৰ্বতঝোৰাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ কাষত অৱস্থিত ২০তম অসম আৰক্ষী বেটেলিয়ান কেম্পত অনুষ্ঠিত ধুবুৰী জিলাৰ একাংশ যুৱক-যুৱতীৰ বাবে অসম আৰক্ষী নিযুক্তিৰ শাৰীৰিক পৰীক্ষাত গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাত উচ্চতা নিৰূপণ কৰাত ব্যাপক খেলিমেলি কৰি যুৱতী সকলোক বঞ্চিত কৰাৰ ন্যায় তদন্তৰ আহ্বান জনাইছে ভুক্তভোগীয়ে। সেয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা আৰক্ষী সঞ্চালক প্ৰধানে দুৰ্নীতিৰ বিৰুদ্ধে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰ্বতী সময়ত হে লক্ষণীয় হ’ব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*