অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনলাইন পোৰ্টেলৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। এই অনুসৰি sebaregistration.org শীৰ্ষক পোৰ্টেলৰ জৰিয়তে কাইলৈৰ পৰা ১৪ নৱেম্বৰলৈ বিদ্যালয়সমূহে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব বুলি পৰিষদৰ সচিবে প্রকাশ কৰিছে। ইপিনে, অনলাইন মাচুল পৰিশোধৰ অন্তিম দিন ১৫ নৱেম্বৰ ধাৰ্য কৰা হৈছে। একেদৰে ১৮ নৱেম্বৰ পৰ্যন্ত চালানৰ ধন পৰিশোধ কৰিব পাৰিব। অনলাইন শুধৰণীৰ বাবে ৩০ নৱেম্বৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। প্ৰপত্ৰ পূৰ্ণৰ নিৰ্দেশনাৱলী ৱেবছাইটত পোৱা যাব বুলিও কোৱা হৈছে।
নৱগঠিত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদত পূৰ্বৰ অসম মাধ্যমিক শিক্ষা পৰিষদক সংমণ্ডল এক আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক সংমণ্ডল দুই ৰূপে জনা যাব। সকলো পক্ষৰ সুবিধাৰ্থে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাত পৰিষদৰ নতুন ৱেবছাইট যুগুত কৰাৰ প্ৰক্ৰিয়া চলি আছে বুলি কোৱা হৈছে। এই পর্যন্ত পূৰ্বৰ www.sebaonline.org আৰু www.ahsec.assam.gov.in নামৰ ৱেবছাইট দুটা সংমণ্ডল এক আৰু দুইৰ বাবে প্ৰযোজ্য হ’ব।
Leave a Reply