31.3 C
Guwahati
Friday, November 14, 2025
More

    শেহতীয়া আপডেটঃ

    গোৱালপাৰাৰ চাৰি সমষ্টিত ইভিএমত বন্দী হ’ল ৪৩  প্ৰাৰ্থীৰ ভাগ্য

    ◆ জিলা খনত ভোটদানৰ হাৰ ৮৬.৮৬ শতাংশ

    ◆ উপায়ুক্ত বৰ্ণালী ডেকাৰ তৎপৰতাক জিলাবাসীৰ প্ৰশংসা
    ● কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ
    আজি তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত গোৱালপাৰা জিলাৰ চাৰিওটা বিধান সভা সমষ্টিতে ভোটগ্ৰহণ একপ্ৰকাৰ শান্তিপূৰ্ণ আছিল ৷ গোৱালপাৰা পশ্চিম সমষ্টিৰ  লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মধ্যম খণ্ড ভোট গ্ৰহণ কেন্দ্ৰত এটা ই ভি এম বিচ্যুতি ঘটাৰ দৰে দুই এটা সৰু সুৰা ঘটনাৰ বাহিৰে আজিৰ  ভোট দান প্ৰক্ৰিয়া যথেষ্ট স্বাভাৱিক আছিল ৷

    বহু কেন্দ্ৰত পুৱা ৭ বজাৰ পূৰ্বৰ পৰাই দেখা যায় দীঘলীয়া শাৰী ৷ আজি পুৱা ৭ বজাৰ ভোটদান আৰম্ভ হোৱা গোৱালপাৰা জিলাত সন্ধিয়া ৬ বজালৈ ভোটদানৰ শতকৰা হাৰ আছিল দুধনৈ সমষ্টিত ৮০.১২%
    গোৱালপাৰা পূৱত ৮৪.৫৬%, গোৱালপাৰা পশ্চিমত ৮৮.৭৬% আৰু জলেশ্বৰ সমষ্টিত ৮৯.০% ৷

    জিলাখনত সামগ্ৰিক ভোটদানৰ পৰিমাণ ৮৬.৮৬ % ৷ এই বাতৰি লিখা পৰলৈ বহু কেন্দ্ৰত ভোটদান চলি থকাৰ পৰিপ্ৰেক্ষিতত ভোটদানৰ হাৰ আৰু কিছু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷

    উল্লেখ্য যে আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা গোৱালপাৰা জিলাৰ চাৰিটা সমষ্টিত মুঠ ৪৩ গৰাকী প্ৰাৰ্থীয়ে ভোট যুদ্ধত অৱতীৰ্ণ হৈছে ৷ ইয়াৰে দুধনৈ সমষ্টিত ৮ গৰাকী, গোৱালপাৰা পূৱত ১৩ গৰাকী, গোৱালপাৰা পশ্চিমত ১৪ গৰাকী আৰু জলেশ্বৰ সমষ্টিত ৮ গৰাকী প্ৰাৰ্থী ৷

    প্ৰণিধানযোগ্য যে গোৱালপাৰা জিলাত মুঠ ভোটাৰৰ সংখ্য ৭,৬৪,৭১১ গৰাকী ৷ ইয়াৰে পুৰুষ ভোটাৰ ৩,৮৩,৭১৫ গৰাকী, মহিলা ভোটাৰ ৩,৮০,৯৮২ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ মুঠ ১৪ গৰাকী ৷ সমষ্টি অনুসৰি ৩৬ নং দুধনৈ বিধান সভা সমষ্টিত পুৰুষ ১,০১,৭৬৫ , মহিলা ১,০৫,২৭০ আৰু তৃতীয় লিংগৰ ভোটাৰ ৩ গৰাকী, ৩৭ নং গোৱালপাৰা পূৱত পুৰুষ ১,১১,৮৯১,মহিলা ১,১০,৯৯৫ আৰু তৃতীয় লিংগৰ ভোটাৰ ৯ গৰাকী, ৩৮ নং গোৱালপাৰা পশ্চিমত পুৰুষ ৮৮,৭০৯ , মহিলা ৮৬,১৩১ আৰু তৃতীয় লিংগৰ ১ গৰাকী আৰু ৩৯ নং জলেশ্বৰ সমষ্টিত পুৰুষ ৮১,৩৫০ , মহিলা ৭৮,৫৮৬ তথা তৃতীয় লিংগৰ ভোটাৰ ১ গৰাকী ৷ আজিৰ ভোট গ্ৰহণৰ বাবে জিলা খনত স্থাপন কৰা ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা মুঠ ১,০৯৫ টা ৷

    ইয়াৰে ১৪৯ টা উপ ভোট গ্ৰহণ কেন্দ্ৰ ৷ সমষ্টি অনুসৰি দুধনৈত ২৯২ টা , গোৱালপাৰা পূৱত ৩১২ টা, গোৱালপাৰা পশ্চিমত ২৫৮ টা আৰু জলেশ্বৰত ২৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে ভোটাৰ সকলে ৷ জিলাখনত এইবেলি প্ৰতিটো সমষ্টিত এটাকৈ মুঠ চাৰিটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয় ৷

    উল্লেখ্য যে  জিলাখনত এইবেলি ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত বৃদ্ধি কৰাৰ লক্ষ্যৰে জিলা উপায়ুক্ত বৰ্ণালী ডেকাই ৰাইজৰ মাজত ভোটদানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে যৎপৰোনাস্তি প্ৰচেষ্টা চলায় ৷ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বৰ্ণালী ডেকাৰ ঐকান্তিক প্ৰচেষ্টাক জিলাবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds