পূব-পশ্চিম বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ অধিৱেশন সম্পন্ন নতুন সমিতি গঠন
অসম খবৰ বেদেতী ১০ জুন= বিশ্বনাথ জিলা তথা মহকুমা ছাত্ৰ সন্থাৰ অন্তৰ্গত পুব বিহালী আৰু পশ্চিম বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশন খন কালি অনুষ্ঠিত হৈ যায় ।
বিহালীৰ লোকপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত অধিৱেশন তথা প্ৰতিনিধি সভাত সভাপতিত্ব কৰে বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সূৰজ ভূঞাই । অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম বিকাশ বৰা,
বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা মঃ আজমত শ্বেখ, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক দ্বীপজ্যোতি হাজৰিকা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হেমন্ত সোনা, সম্পাদক সুশীল তাঁতিয়ে অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যপন্থা, লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে বিস্ত আলোকপাত কৰে আৰু অসম অসমবাসীৰ সৰ্বতোমুখী বিকাশৰ বাবে নিজৰ অধ্যয়ন অটুট ৰাখি যৎপৰোনাস্তি ত্যাগ আৰু সেৱা আগবঢ়াই যাবলৈ বক্তব্যৰ মাজেৰে ছাত্ৰ-কৰ্মী সকলক আহ্বান জনায় ।
অধিৱেশনৰ প্ৰতিনিধি সভাই পূব বিহালী আঞ্চলিক ছাত্ৰ সন্থাৰ আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে ৰক্তিম ৰঞ্জন হাজৰিকাক সভাপতি আৰু মৰমজ্যোতি হাজৰিকাক সম্পাদক হিচাপে লৈ নতুন সমিতি গঠন কৰা হয় । ইফালে যুগল দাসক সভাপতি আৰু অভিনৱ দাসক সম্পাদক হিচাপে লৈ ৫১ জনীয়া আঞ্চলিক সমিতি গঠন কৰা হয় ।
নৱ-নিৰ্বাচিত সমিতি দুখনে সদৌ অসম ছাত্ৰ সন্থাৰ সংবিধান অনুসৰি পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰি কাৰ্যক্ষেত্ৰত আগুৱ যোৱাৰ সংকল্প লয় ।
Leave a Reply