31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    ৭৪ নং ৰঙাপৰা সমষ্টিত আজি ১,৫৪,৮৭৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭ গৰাকীৰ ৰাজনৈতিক নেতাৰ ভৱিষ্যত

    ■ ৰঙাপৰা:-ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ৭৪ নং ৰঙাপৰা বিধান সভা সমষ্টিত ২২৮ টা ভোটগ্ৰহন কেন্দ্ৰত ১৫৪৮৭৮গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব ৭ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য।

    ৭৪ নং ৰঙাপৰা সমষ্টিত আজি ১৫৪৮৭৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭ গৰাকীৰ ৰাজনৈতিক নেতাৰ ভৱিষ্যত

    কংগ্ৰেছ নেতৃত্বাধীন মহাজোটৰ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক অভিজিৎ হাজৰিকা, বিজেপি দলৰ প্ৰাৰ্থী কৃষ্ণ কমল তাঁতী, ৰাইজৰ দলৰ প্ৰাৰ্থী বিজয় তিৰ্কী,জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় তাতী, জনতা দল ইউনাইটেডৰ আব্দুল জলিল, নিৰ্দলীয় প্ৰাৰ্থী মেঠিও তপ্ন আৰু ভি পি আই দলৰ প্ৰাৰ্থী জিতেন্দ্ৰ কুমাৰ শৰ্মাই।

    উল্লেখাযােগ্য যে, ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিত মুঠ ২২৮ টা ভােট গ্রহণ কেন্দ্ৰত নিবার্চন অনুষ্ঠিত হয়। ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিত মুঠ ভােটাৰৰ সংখ্যা হৈছে ১৫৪৮৭৮ গৰাকী ইয়াৰে পূৰুষ ভােটাৰৰ সংখ্যা হৈছে ৭৬৭৫৪আৰু মহিলা ভােটাৰৰ সংখ্যা হৈছে ৭৮১২২ গৰাকী ।

    ৭৪ নং ৰঙাপৰা সমষ্টিত আজি ১৫৪৮৭৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৭ গৰাকীৰ ৰাজনৈতিক নেতাৰ ভৱিষ্যত

    ভােটদান পক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ২৯০ টা ই ভি এম /ভি ভি পেট মেচিন ব্যৱহৃত হৈছে। এইবাৰ ৭৪ নং ৰঙাপৰা বিধান সভা সমষ্টিত ৭ গৰাকীকৈ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও তিনি গৰাকী প্ৰাৰ্থীৰ মাজতে ভোটাৰ ৰাইজৰ দৃষ্টি থাকিব। কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকা,বিজেপি দলৰ প্ৰাৰ্থী কৃষ্ণ কমল তাতীঁ আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় তাতীঁৰ মাজতেই মূল যুজঁ খন হব বুলি অনুমান কৰিব পাৰি।

    সমষ্টিটোত বিজেপি দলৰ প্ৰাৰ্থী কৃষ্ণ কমল তাতীঁৰ সৱল স্থিতি যদিও কংগ্ৰেছ প্ৰাৰ্থী অভিজিৎ হাজৰিকা আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় তাতীঁয়ে ভালকৈয়ে আউল লগোৱাৰ সম্ভাৱনা আছে বিজেপি দলৰ প্ৰাৰ্থীক। আজি প্ৰায় ৬৬ শতাংশ ভোটাধিকাৰে নিজৰ ভোট সাব্যস্ত কৰে। কংগ্ৰেছ দলৰ প্ৰাৰ্থী অভিজিৎ হাজৰিকাই সাংবাদিকক জানিবলৈ দিয়ে যে ৰাইজেই ৰজা আৰু ৰাইজ মোৰ লগত আছে।

    ভাৰতীয় জনতা পাৰ্টীক সকলোৱে প্ৰত্যাখান কৰিছে।গতিকে উত্তৰ সকলোৱে গম পাইছে আমি ১০০ শতাংশ জিকিম। আৰু উজনি অসমৰ ৰিজাল্ট যিটো হয় সেইটোতে অসমবাসী প্ৰতিফলিত হয়। গতিকে আমি চৰকাৰ গঠন কৰিবলৈ আগ বাঢ়ি আছোঁ।

    ৰঙাপৰা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় তাঁতীক ভোট দিবলৈ এজন যুৱক হাইদ্ৰা বাদৰ পোনে পোনে উপস্হিত হয় ৰঙাপৰাৰ ধেন্দাই চাহ বাগিচাৰ ভোট গ্ৰহণ কেন্দ্ৰত। আৰু সাংবাদীকক জানিবলৈ দিয়ে যে ৰঙাপৰাৰ এজন স্থানীয় যুৱক অজয় তাঁতী মনোনীত হোৱা শুনি মই তেখেতক ভোট দিবলৈ সুদূৰ হাইদ্ৰাবাদৰ আহিছোঁ আৰু লগতে উল্লেখ কৰে যে স্থানীয় যুৱক হিচাপে অজয় তাঁতীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে গতিকে তেখেতক এইবাৰ সুযুগ দিব লাগে।

    আজি অনুষ্ঠিত হোৱা বিধান সভা নিৰ্বাচনত ৭৪ নং ৰঙাপৰা বিধান সভা সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণয় কৰিব ৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds