31.3 C
Guwahati
Friday, October 24, 2025
More

    শেহতীয়া আপডেটঃ

    টংলাত বিজেপি-এজিপি-ইউপিপিএলৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ

    দৰং-ওদালগুৰি সংসদীয় সমষ্টিত বিপুল ব্যৱধানত জয়ী হোৱাৰ দাবী প্ৰাৰ্থী দিলীপ শইকীয়াৰ

    ওদালগুৰিৰ পৰা চিন্ময় ডেকাঃ সংসদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিত শাসকীয় বিজেপি-এজিপি-ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

     

    ওদালগুৰি জিলাৰ পুনৰ গঠিত ৪৮ নং টংলা বিধান সভা সমষ্টিত আজি শনিবাৰে এখনি সাংগঠনিক স্থিতি পৰ্যালোচনা সভা অনুষ্ঠিত কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰে৷

    ওদালগুৰি জিলা বিজেপিৰ সম্পাদক জয়কান্ত শৰ্মাই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ দি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিজেপি মিত্ৰজোঁট কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দেশৰ জনসাধাৰণৰ উন্নয়নৰ বাবে ধাৰাবাহিকভাৱে বিভিন্ন ধ্বজাবাহী আঁচনিৰে দেশক বিশ্বগুৰুৰ দিশে আগবঢ়াই নিছে। সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ বাৰ দেশৰ শাসনভাৰ দিয়াৰ বাবে ৰাইজক আহ্বান জনাই।

    টংলাৰ বৰদলৈ স্মৃতি ভৱনত অনুষ্ঠিত সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই বিপুল ভোটত জয়ী হ’ব বুলি দাবী কৰে৷ আনহাতে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই কয়, বিজেপি মিত্ৰজোঁট চৰকাৰে কৰা ভাল কামৰ বাবে এইবেলি ৰাইজে বিজেপি মিত্ৰজোঁটক অপ্ৰতিদ্বন্দ্বীৰূপে আগবঢ়াই পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ শাসনত বহুৱাব পাৰিব লাগিব।

    মিত্ৰজোটৰ তিনিওটা দলৰ নেতা-কৰ্মী সমৰ্থকসকল উপস্থিত থকা সভাত বি-টি-আৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাক সভাপতি, এন্থনী বসুমতাৰীক মুখ্য সম্পাদকৰূপে মনোনিত কৰি নিৰ্বাচনৰ পৰিচালনা সমিতিখন আজি টংলা বৰদলৈ ভৱনৰ প্ৰেক্ষাগৃহত গঠন কৰি দিয়ে।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds