লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট প্ৰথমখন তালিকা

◊ সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে ১৯৫ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট প্ৰথমখন তালিকা প্রস্তুত কৰিছে। এই তালিকা অনুসৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বর্তমানে প্রতিনিধিত্ব কৰা বাৰাণসী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব৷ আনহাতে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

দলে প্ৰকাশ কৰা প্ৰথমখন তালিকাত ৩৪ গৰাকী কেন্দ্রীয় মন্ত্ৰীৰ নাম সন্নিবিষ্ট কৰা হৈছে। প্ৰথম তালিকাত দলটোৱে ২৮ গৰাকী মহিলা, ৪৭ গৰাকী যুৱক, ২৭ গৰাকী অনুসূচীত জাতি, ১৮ গৰাকী অনুসূচীত জনজাতি আৰু ৫৭ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ ব্যক্তিলৈ প্রার্থিত্ব প্ৰদান কৰিছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*