বিশ্বনাথত চাৰিমাহ ধৰি খোৱা পানীৰ পৰা বঞ্চিত এখন গাঁও  ঠিকাদাৰ পুত্ৰৰ হৈ ওকালতি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পিতৃ

বিশ্বনাথত চাৰিমাহ ধৰি খোৱা পানীৰ পৰা বঞ্চিত এখন গাঁও

ঠিকাদাৰ পুত্ৰৰ হৈ ওকালতি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পিতৃ

প্ৰধানমন্ত্ৰীৰ সপোনৰ জল জীৱন মিছন আঁচনি যেন এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। তাৰেই জ্বলন্ত উদহাৰণ বিশ্বনাথৰ ভীৰ গাঁও। উল্লেখ্য যে গাওঁ খনত বসবাস কৰে প্ৰায় তিনিশৰো অধিক পৰিয়াল । কিন্তু গাওঁ খনৰ ৮০ শতাংশ লোক প্ৰায় চাৰি মাহ ধৰি বঞ্চিত হৈ আছে বিশুদ্ধ খোৱা পানীৰ পৰা । কিয়নো জল জীৱন আঁচনিৰ নামত পূৰ্বৰ লাভ কৰি থকা পানীৰ পৰাও বঞ্চিত হল ৰাইজ । ঠিকাদাৰৰ হেমাহি আৰু অদুৰদৰ্শিতাৰ বাবেই ৰাইজৰ এই দুৰ্দশা বুলি অভিযোগ ৰাইজৰ।

ইফালে ইয়াকে লৈ এজন বিভাগীয় লোকক ৰাইজে তীব্ৰ বাক্যবানৰে থকা সৰকা কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে গাঁও খনত। ঠিকাদাৰৰ হৈ মাত মাতিব গৈ ক্ষোভিত জনতাৰ ৰোষত পৰে বিভাগীয় লোকজন। জানিব পৰা মতে উত্তৰ ভীৰগাঁও আৰু মাজ ভীৰগাঁৱৰ লোক সকলে পানীভড়াল আঁচনিৰ পৰা খোৱা পানী লাভ কৰি আছিল। কিন্তু গাঁও খনত বিগত বৰ্ষৰ মে মাহত জল জীৱন আঁচনিৰ এটা ঠিকা লাভ কৰিছিল তনবীৰ আৰমান নামৰ এজন ঠিকাদাৰে। কামটো চোৱা চিতাৰ বাবে যিজন লোকক বিভাগীয় কৰ্তৃপক্ষই ঠিক কৰিলে সেইজন আকৌ হ’ল ঠিকাদাৰজনৰ পিতৃ হাদিউল ইছলাম। ইয়াৰ পিছতে ঠিকাদাৰ আৰু তেওৰ পিতৃৰ অদুৰদৰ্শিতাৰ বাবে যোৱা নৱেম্বৰ মাহত গাঁওবাসীয়ে লাভ কৰি থকা পানীভড়াল আঁচনিৰ পানী বন্ধ কৰি হৈ পৰে। ফলত এটুপি পানীৰ বাবে হাহাকাৰ লাগে গাঁওবাসীৰ। যিসকলৰ ঘৰত নিজাববীয়াকৈ ব’ৰিং কৰা আছিল সেইসকলৰ ঘৰৰ পৰা গাঁওবাসীয়ে অতি কষ্টৰে পানী আনিবলগীয়া হৈছে বিগত চাৰিমাহ ধৰি। এই কথা বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰক বাৰম্বাৰ জনোৱাৰ পিছতো কোনো কানসাৰ নিদিয়াৰ বাবে ক্ষুদ্ধ হৈ পৰে গাঁওবাসী। এই সন্দৰ্ভত সংবাদ মাধ্যমক জনোৱাৰ উদ্দেশ্যে ভিৰগাঁৱৰ নামঘৰৰ ওচৰত একগোট হৈছিল ৰাইজ। সেই সময়তে ঠিকাদাৰৰ পিতৃ তথা আঁচনিটোৰ এছ অ’ হাদিউল ইছলাম উক্ত স্হানত উপস্হিত হৈ ঠিকাদাৰ পুত্ৰৰ হৈ ওকালতি কৰাৰ সময়তে ৰাইজৰ ৰোষত পৰে। ৰাইজে তীব্ৰ বাক্যবানৰে থকা সৰকা কৰে হাদিউল ইছলামক। ইফালে ৰাইজে শীঘ্ৰে পানীৰ ব্যৱস্হা কৰি দিবলৈ চৰকাৰক অনুৰোধ জনাইছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*