বালিভোজ আৰু গৰীৱৰ জীঁয়া যাতনাৰ
এখন ন-অঁকা ছবি ৷
নিৰ্ঝৰণীৰ নিটাল বালিয়ৰি দুপাৰত
শুভ্ৰ শীতৰ বৰ্ষণ পিন্ধা
এজাক প্ৰেমিকৰ অভিৰতি
ৰ’দৰ ৰঙখেদি বহিছেহি নিতৌ ৷
ভোগ খেদা এখন মহাৰণ চলিছে
সহস্ৰজনৰ তৃপ্তিৰ এমোকোৰা হাঁহিৰে
উপচি পৰিছে উপত্যকাৰ জীপাল দুপাৰ ৷
আৰু
উপকণ্ঠত ভোকৰ যাতনাই দহা গতিহীন সময় কলমলাই থকা পৃথিৱী এখনৰ নীল কল্লোল
শ্ৰমিক চুবুৰিলৈ ভোকৰ সূৰ্যটো নামি অহাৰ সময়ত
বালিচৰত ভোগৰ অগাদেৱা
ব্যঞ্জনৰ সুমধুৰ স্বাদৰ গোন্ধ ৷
পানী যুৱলীত লাগি থকা প্ৰাচীনতম শীতলতাই শিহৰিত কৰা দুভৰিৰ শব্দত
অৰণ্যখনৰ সলাজ চাৱঁনিবোৰ
চকুৱে চকুৱে বাগৰি
ওঁঠে ওঁঠে বগাই বুকুৱেদি শিপাই
চুইচছেহি শীতল প্ৰদেশ ৷
ভোক আৰু ভোগৰ দুটি কক্ষপথত
ঘূৰ্ণনৰত দুখন পৃথিৱী ৷
সাৰ্বজনীন প্ৰাত্যহিক
শব্দবোৰৰ কি যে অহিনকুল সমন্ধ !
অৰণ্যৰ বুকুত ঠেকা খাই হৈছেহি
ফুল আৰু শিল ৷৷
ফুলৰ উচ্ছল হাঁহিত
শীতৰ দুপৰীয়াটোত
পাৰঘাটলৈ নামি আহিছে
জীৱন জীয়াঢল ৷
আৰু
শিলৰ বোবা বেদনাত
ঝঞ্চামত্ত অৰণ্য এখন গজি উঠিছে ,
ধুঁৱলি ৰ’দে আঁকে হৃদয়ত অস্থিৰতাৰ
এসুঁতি তৃষিতা নিৰ্ঝৰ ৷
নিৰঞ্জন দাস ⁄ৰাংছালী ⁄বিহালী
Leave a Reply