31.3 C
Guwahati
Tuesday, November 11, 2025
More

    শেহতীয়া আপডেটঃ

    যাদু ৰাইড প্ৰতিষ্ঠানৰ শাৰদীয় দূৰ্গা পূজাৰ বিশেষ আকৰ্ষণীয় পুৰস্কাৰঃ ডেৰ মাহত চালকৰ উপাৰ্জন প্ৰায় লাখৰ ঘৰত

    ‘দা অসম গ্ৰুপ অৱ কোম্পানীৰ’ তত্বাৱধানত যাদু ৰাইড নামৰ থলুৱা কেৱ প্ৰতিষ্ঠানটোৱে আধুনিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ দ্বাৰা পৰিবহন ব্যৱস্থাত পৰিবৰ্তন আনিব গৈ আছে। গুৱাহাটী প্ৰেছ ক্লাবত হোৱা এক অনুষ্ঠান যাদু ৰাইড চেক বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত যাদু ৰাইড প্ৰতিষ্ঠানৰ লগত জড়িত হৈ বিগত ডেৰ মাহত সৰ্বোচ্চ ভাড়া (ৰাইড) মৰা চালক দিপু শইকীয়াক ২৫,০০০ টকাৰ চেক প্ৰদান কৰে।

    বিগত ডেৰ মাহত ০% কমিচন ব্যৱস্থাত দিপু শইকীয়া নামৰ চালকজনে প্ৰায় ১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও যাদু ৰাইড প্ৰতিষ্ঠানৰ সৈতে জড়িত ২য় আৰু ৩য় সৰ্বোচ্চ চালক ক্ৰমে জয়ন্ত দাস আৰু ভৱেশ দাসক বিশেষ সম্বৰ্ধনা প্ৰদান কৰে। লগতে যাদু ৰাইড প্ৰতিষ্ঠানৰ সাথী অঞ্জন কলিতা, অৰূপ কাকতি, মুন আহমেদক চেক প্ৰদান কৰা লগতে সম্বৰ্ধনা জনোৱা হয়। মহিলা সাথী দুলুমনি কলিতাকো সম্বৰ্ধনা জনোৱা হয়।

    যাদু ৰাইড প্ৰতিষ্ঠানটোৱে যথেষ্ট কম সময়ত যাত্ৰী আৰু চালকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আগন্তুক শাৰদীয় দূৰ্গা পূজাক লৈ চালক সমাজৰ বাবে যথেষ্ট আকৰ্ষণীয় পুৰস্কাৰ লৈ আহিছে যাদু ৰাইডে। চাৰিচকীয়া বাহনে ৪৫০ টা ৰাইড সম্পূৰ্ণ কৰক, দুচকীয়া বাহনে ৫০০ টা ৰাইড সম্পূৰ্ণ কৰক। বিলাসী বাহনত আউট ষ্টেচনৰ ৰাইড ১০,০০০ কিলোমিটাৰ ৰাইড সম্পূৰ্ণ কৰক।

    উক্ত চৰ্তসমূহ সম্পূৰ্ণ কৰা শীৰ্ষক ১০ গৰাকী চালকে লাভ কৰিব বিশেষ আকৰ্ষণীয় উপহাৰ। ৰেফ্ৰিজাৰেটৰ, ৱাশ্বিং মেচিন, এল ই ডি টিভি, ইনভাৰ্টাৰ, ডিনাৰ ছেট, ইনডাকশ্যন, ৰাইছ কুকাৰ ইত্যাদি ভিন্ন ধৰণৰ হ’ব। ইয়াৰ উপৰিও ২০২৪ চনৰ ৩০ এপ্ৰিলৰ ভিতৰত ২৫০০ ৰাইড সম্পূৰ্ণ কৰা আৰু ৪ টা ষ্টাৰ ৰেটিং ধৰি ৰাখিবলৈ সক্ষম হোৱা চলক জনে চৰ্ত অনুসৰি এখন হোণ্ডা এক্টিভা নতুবা ১লাখ টকা পুৰস্কাৰ পাব।সংবাদমেলখন আঁত ধৰে যাদু ৰাইডৰ জনসম্পক্ষী বিষয়া নৱজ্যোতি কলিতাই। লগত উপস্থিত থাকে যাদু ৰাইডৰ মুখ্য সঞ্চালক তপন জ্যোতি ভূঞা, সঞ্চালিকা অপৰাজিতা দত্ত ভূঞা আৰু সঞ্চালক মানব জ্যোতি দাস।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations
    • JUN JWOLI-(ROI ROI BINALE) |ZUBEEN GARG |EYE CREATIONS |ZEAL CREATIONS
    • FILM- ROI ROI BINALE SONG-চকুলোৰে ৰৈ ৰৈ বিনালে(The Last Song) LABEL- ZEAL CREATIONS & EYE CREATIONS AUDIO CREDITS- COMPOSITION- ZUBEEN GARG LYRICS-ZUBEEN GARG MUSIC PRODUCER- ZUBEEN GARG CO-PRODUCER- NILOTPAL BORA & GAURI SHANKAR LAHON VOCALS- ZUBEEN GARG, ACHURJYA BORPATRA ACOUSTIC GUITAR- ISHANU NYLON & ELECTRIC GUITAR- PRITOM GOHAIN BARUAH BASS GUITAR- BISWAJIT CHAKRABORTY CHORUS VOICES-[...]

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    NOTICE ROI ROI BINALE Film

    •   আবেগ-অনুভূতিত কোনেও যাতে চিনেমাখনৰ ভিডিঅ' ১ ছেকেণ্ডো যাতে আপলোড নকৰে। আনকি ফটোও।  

    •   ট্ৰেলাৰটো ইতিমধ্যে দেখিছেই সকলোৱে। এই কাম নকৰিব। কিয়নো যি কাম তেওঁ বেয়া পাইছিল। সকলোলৈকে আহ্বান।  

    This will close in 30 seconds