ৰঙাপৰাত সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ অধীনত পোষণ মাহ উদযাপন

♦ শোনিতপুৰ জিলাৰ ৰঙাপৰা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত আজি ৰঙাপৰা সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ অধীনত ষষ্ঠ বাৰ্ষিক পোষণ মাহ উদযাপন কৰা হয়। দিনৰ ১২ বজাত অনুষ্ঠিত সভাত আঁত ধৰে খণ্ড সম্বনয়ক অভিজিত বৰাই। ৰঙাপৰা সংহত শিশু উন্নয়ন সেৱা প্ৰকল্পৰ প্ৰকল্প বিষয়া মাহমুদা বেগমে উদ্দেশ্য ব্যাখ্যা কৰা সভাত অতিৰিক্ত উপায়ুক্ত (সমাজ কল্যাণ)কবিতা কাকতি কোঁৱৰ, জিলা সমাজ কল্যাণ বিষয়া ৰুবি কলিতা, পোষন অভিযানৰ জিলা সম্বনয়ক নৱদ্বীপ বৰা, তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিপুষ্টি কাউন্সিলৰ তনুজা শইকীয়া অংশগ্ৰহণ কৰে।

আজি ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে পোষণ মেলাত অংগন বাদী কৰ্মী আৰু সহায়িকা সকলে পুষ্টিকৰ খাদ্য খাওক সু-স্বাস্থ্যৰ অধিকাৰী হওঁক বুলি পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে। অতিৰিক্ত উপায়ুক্ত (সমাজ কল্যাণ)কবিতা কাকতি কোৱৰে সভাত নিজৰ বক্তব্যত উল্লেখ কৰে যে পহিলা ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে সমগ্ৰ ভাৰতবৰ্ষজুৰি ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে পালন কৰা হয়৷

ইয়াৰ জৰিয়তে গৰ্ভৱতী, প্ৰসূতি, শিশু, কিশোৰ-কিশোৰীসকলে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি যাতে নিজক পৰিপুষ্ট কৰি ৰাখিব পাৰে৷ সভাত অংশগ্ৰহণ কৰি জিলা সমাজ কল্যাণ বিষয়া ৰুবী কলিতা পোষণ অভিযান বা ৰাষ্ট্ৰীয় পুষ্টি অভিযান হৈছে ভাৰত চৰকাৰৰ এক জনকল্যানমূলক কাৰ্যসূচী। ৬ বছৰ বয়সলৈকে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু স্তনপান কৰাই থকা মাতৃসকলৰ পুষ্টিগত স্থিতি উন্নত কৰাৰ বাবে আৰম্ভ কৰা হৈছে এই অভিযান। উল্লেখ্য যে শিশু উন্নয়ন প্ৰকল্প বিভাগৰ দ্ধাৰা ‘ৰাষ্ট্ৰীয় পোষন মাহ’ দিৱস ২০১৮ চনৰ মাৰ্চ মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ দ্ধাৰা আৰম্ভ কৰা হৈছে।

এই আচনিৰ মূল উদেশ্য হয় শিশু গৰ্ভৱতী মহিলা আৰু প্ৰসুতি মাতৃ সকলক পোষ্টিহীনতা দুৰ কৰা আৰু সু স্বাস্থ্যৰ বাবে ব্যৱস্থা লোৱা হয়। ইয়াৰ জৰিয়তে গৰ্ভৱতী, প্ৰসূতি, শিশু, কিশোৰ-কিশোৰীসকলে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি যাতে নিজক পৰিপুষ্ট কৰি ৰাখিব পাৰে৷ কিশোৰী সকলৰ যাতে এনিমিয়া নাইকীয়া হৈ থাকে তাৰ বাবে এখন পোষ্টি বিহীন সমাজ গঢ়াৰ উদেশ্যই হৈছে পোষণ মাহৰ উদযাপন।

Be the first to comment

Leave a Reply

Your email address will not be published.


*