বিহালী ঠাণ্ডাপানী নদীৰ খহনীয়াই ক্ষতি কৰিছে শতাধিক পৰিয়ালক ।
অসম অৰুণাচল সীমান্ত পৰা ৰাজেশ ঘোষ ১৪ ছেপ্টেম্বৰ :
বিশ্বনাথ জিলাৰ বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্ত বিহমাৰী কাজিয়ামাটি আৰু ঠাণ্ডাপানী মাজেৰে বৈ যোৱা ঠাণ্ডাপানী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে।
যাৰ ফলত অঞ্চলটোৰ শতাধিক পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা নদীখনে ইতিমধ্যে প্ৰায় এশ বিঘাৰো অধিক বিহালী সংৰক্ষিত বনাঞ্চলকে ধৰি অঞ্চলটোৰ বহু হেক্টৰ বনভূমি খহনীয়াত যাহ গৈছে যদিও গুৰুত্ব নাই জিলা খনৰ জলসম্পদ বিভাগৰ লগতে
স্থানীয় গাওঁ পঞ্চায়ত প্ৰতিনিধি।
আনহাতে বাৰিষাৰ সময়ত অৰুণাচল প্ৰদেশৰ পাহাৰত সঘনাই বৰষুণ দিয়া ফলত নদী খনৰ তীব্ৰ গতিত খহনীয়া বৃদ্ধি পাইছে । কিন্তু যদি এই দৰে তীব্ৰ গতিত খহনীয়া অব্যাহত থাকে অচিৰেই নিঃচিহ্ন কৰিব পাৰে নিচেই কাষতে লাগি থকা বিহমাৰী স্বাস্থ্য কেন্দ্ৰ আৰু কেইবাখনো চৰকাৰী প্ৰাথমিক বিদ্যালয়।
আনহাতে এই খহনীয়া বিষয়ে অঞ্চলটোৰ ৰাইজে স্থানীয় জিলা জলসম্পদ বিভাগৰ অভিযন্তা গাওঁ পঞ্চায়ত প্ৰতিনিধি লগতে সাংসদ বিধায়কক অৱগত কৰা পাছতো অঞ্চলটোৰ ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই । আনহাতে ৯ নং তেজপুৰ লোকসভা সাংসদ আৰু ৭৭ নং বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তৰ লগতে স্থানীয় পঞ্চায়তৰ জনপ্ৰতিনিধিক স্থানীয় ৰাইজে গৰাখহনীয়াৰ বিষয়ে অবগত কৰাৰ পিছতো কোনো ধৰণৰ ফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।
গাওঁ পঞ্চায়ত প্ৰতিনিধিক
বহুবাৰ আবেদন নিবেদন কৰিছে যদিও কোনো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন কৰিছে ৰাইজে ।
আনহাতে সংবাদ মাধ্যমৰ জড়িয়তে ভুক্তভোগী ৰাইজে অসমৰ জলসস্পদ মন্ত্ৰী পিয়ুষ হাজৰিকালৈ আহ্বান “আপুনি আমাৰ অঞ্চললৈ এবাৰ আহি চাই যাওক আচলতে আমি অসম অৰুণাচল সীমান্ত ঠাণ্ডাপানীত কি দৰে জীৱন নিবাস কৰি আছোঁ লগতে নদী খনে দিনক দিনে কি দৰে আমাৰ সপোনৰ গাওঁখন খহনীয়াত যাহ গৈছে ।” যাৰ ফলত স্থানীয় ৰাইজে উক্ত অঞ্চল সমূহ গৰাখহনীয়া প্ৰতিৰোধ ব্যবস্থা কৰিবলৈ দাবী জনাইছ স্থানীয় ৰাইজে।
Leave a Reply