৭৭ তম স্বাধীনতা লগত সংগতি ৰাখি ৰক্তদান কেমিষ্ট আৰু ড্ৰাগিষ্ট এচ’চিয়েচনৰ সদস্য :
বিশ্বনাথ ১৫ আগষ্ট :
বিশ্বনাথ জিলা কেমিষ্ট আৰু ড্ৰাগিষ্ট এচ’চিয়েচনে প্ৰথম বাৰৰ বাবে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় ৰক্ত ভঁৰালত ৰক্তদান শিৱিৰ আয়োজন কৰে। এটুপাল ৰক্তই আন এজনক নতুন জীৱন দিব পাৰে সেই উদ্দেশ্যে আগত ৰাখি লগতে দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কেমিষ্ট আৰু ড্ৰাগিষ্ট এচ’চিয়েচনৰ সদস্য সকলে ৰক্তদান কৰে।
বিভিন্ন সময়ত বিভিন্ন সামাজিক কামত জড়িত থকা বিশ্বনাথ জিলা কেমিষ্ট আৰু ড্ৰাগিষ্ট এচ’চিয়েচনৰ সদস্য সকলে কয় যে ৰক্তদান কৰিলে মানৱ দেহৰ
অনেক ৰোগৰ পৰাও পৰিত্ৰাণ পায় আৰু সমাজৰ মাজত এতিয়াও ৰক্তদান প্ৰতি সচেতনাৰ অভাৱ হোৱাৰ বাবে দুখ প্ৰকাশ কৰে৷ বিশ্বনাথ জিলা কেমিষ্ট আৰু ড্ৰাগিষ্ট এচ’চিয়েচনৰ আশা কৰে যে ৫০জনৰো অধিকে সদস্যই ৰক্তদান কৰিৱ আজি এই শিৱিৰত৷ ৰক্তদান মহান দান আৰু ৰক্তদান দ্বাৰা এজন মানুহৰ প্ৰাণ বাচাৱ পাৰি বুলি সংৱাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷
Leave a Reply