এটা সপোন খেদি

এটা সপোন খেদি

পঁজাটোৰ উৰুখা ছালিৰে পোহৰ সোমায়৷

বৰষুণো পৰে৷ৰতন আৰু তাৰ তিনিজনীয়া পৰিয়ালটোৱে একাষে থাকি তেতিয়া আকাশলৈ চায়৷

সেই সময়তো সিহঁতৰ শীৰ তিনিটা আকাশমুখী হৈ থকাৰ সন্তুষ্টিয়ে মনক প্ৰশান্তি দিয়ে৷ৰতনহঁতৰ চাৰিবছৰীয়া কন্যাই মাক বাপেকৰ মাজত গভীৰ নিৰাপদে আকাশলৈ চাই তৰা গনে৷

তাইৰ ৰংবিৰঙৰ সচিত্ৰ কিতাপখনে ৰতনৰ মনত আশাৰ সঞ্চাৰ কৰে৷পথাৰৰ মাটি দুডৰাত সিহঁতে গোজ ধৰিছে৷এদিন সেয়া সোণালী হ’ব৷

তাৰ মনটো জীপাল হৈ উঠে৷বৰষুণ জাক ক্ৰমান্বয়ে বাঢ়ি আছে৷পথাৰখন পানীৰে উপচি পৰিছে নিশ্চয়৷তাৰ সেউজীয়া আশাবোৰ!

ৰতনে ছোৱালীজনীক কোলাত তুলি ল’লে৷তাৰ পৰিবাৰে ঘৰৰ ভিতৰৰ লামলাকটুৰ এটা টোপোলা বান্ধিলে৷ছোৱালীজনীৰ ৰংচঙীয়া কিতাপখন পানীত পৰি গ’ল–খৰখেদাত৷

সেইখন পঁজাটোৰ দুৱাৰডলি নেওচি ক্ৰমান্বয়ে উটি গৈছে৷ এই দৃশ্য দেখি ৰতনৰ মনত এটা সপোন উটি যোৱাৰ দৰে অনুভৱ হ’ল৷সি কোলাত ছোৱালীজনী লৈয়ে উটি যোৱা কিতাপখন খেপিয়াই তুলি আনিলে৷কিছু মলঙিছে য’দিও ৰ’দ দিলে সেইখন শুকাব৷আখৰবোৰ পঢ়িব পৰা হ’ব৷ৰতনৰ পৰিয়ালটো ওখ ঠাইৰ সন্ধানত আগবাঢ়িল৷

অৰূপ কলিতা তেজপুৰ

Be the first to comment

Leave a Reply

Your email address will not be published.


*