জিনজিয়াত চাহ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত আটছা উত্তাল প্ৰতিবাদ
সমগ্র ৰাজ্যৰ লগতে বিহালী সমষ্টিৰ অন্তৰ্গত জিনজিয়া অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা জিনজিয়া প্ৰাথমিক গোট, আটছা জিনজিয়া উপ শাখা, জিনজিয়া চাহ বাগিচাৰ ৰাইজৰ সহযোগত মঙলবাৰে বিয়লি ৫ বজাত চাহ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ দাবীত জিনজিয়া চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাগিচাৰ খনত কৰ্মৰত প্ৰায় ১৭ শ অধিক শ্ৰমিকৰ নিৰাপত্তা লগতে শ্ৰমিক সকলৰ লৰা ছোৱালী উন্নত শিক্ষা ব্যৱস্থা, চাহ বাগিছা খনত থকা চিকিৎসালয় খনত উন্নত চিকিৎসা ব্যৱস্থা লগতে উপযুক্ত স্বাস্থ্য কৰ্মী নিযুক্তি, বাগিছা খনৰ খাদী পদ সমূহ বাগিচাৰ শিক্ষিত যুৱক যুৱতীক যোগ্য ভিত্তিত নিযুক্তি প্ৰদান কৰা, ছাত্ৰ- ছাত্ৰী অহা যোৱা কৰা স্কুল বাছ মেৰামতি কৰা লগতে বাগিচাৰ খনৰ চাৰিওফালে ফালে থকা হাবি জংঘল মুকলি কৰাকে ধৰি বহু কেইটা সমস্যা সমাধানৰ দাবীত জিনজিয়া চাহ বাগিচাৰ কাৰ্যালয় সন্মুখত আটছা সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে প্ৰতিবাদৰ অন্তত জিনজিয়া চাহ বাগিচাৰ পৰিচালকলৈ প্ৰতিবাদী সদস্য সকলে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য লব কুমাৰ ভূঞা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মহিলা সমিতিৰ কেন্দ্ৰীয় ভাঃ সভানেত্ৰী লিপিকা ভৰদ্বাজ, আটছাৰ বিহালী শাখাৰ সহ সম্পাদক মানৱ চাহু, জেফৎ নাগকে ধৰি প্ৰায় অৰ্দ্ধশতাধিক সদস্যই।
Leave a Reply