31.3 C
Guwahati
Saturday, October 25, 2025
More

    শেহতীয়া আপডেটঃ

    কৃষ্ণাই বেকিপুল প্ৰাথমিক বিদ্যালয়ত শিক্ষক, শ্ৰেণীকোঠাৰ অভাৱ

    ♦ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত বেকিপুল প্ৰাথমিক বিদ্যালয়৷ ১৯৮৫ চনত প্ৰতিষ্ঠিত এই বিদ্যালয় খন আজিও বিভিন্ন সমস্যাত ককবকাই থাকিবলগীয়া হৈছে৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী যামিনী দেৱীয়ে জানিবলৈ দিয়া মতে এই শিক্ষানুষ্ঠানখনৰ প্ৰধান সমস্যা হৈছে শ্ৰেণীকোঠাৰ অভাৱ৷

    আচুতীয়া কাৰ্যালয় গৃহ নথকা বিদ্যালয় খনত এটা শ্ৰেণী কোঠাকে কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰাৰ ফলত এতিয়া বিদ্যালয়খনত শ্ৰেণীকোঠাৰ সমস্যাই দেখা দিছে৷ শ্ৰেণী কোঠাৰ অভাৱৰ ফলত এটা কোঠাতে তিনিটাকৈ শ্ৰেণী পঢ়ুৱাবলগীয়া হোৱাত যথেষ্ট আহুকালে দেখা দিছে৷ সেয়ে বিদ্যালয় কৰ্তৃপক্ষই নতুনকৈ শ্ৰেণীকোঠা আৱণ্টন দিবলৈ স্থানীয় বিধায়কৰ লগতে জিলা শিক্ষা বিভাগক আবেদন জনাইছে৷ ইফালে বেকিপুল প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী মাথোঁ দুগৰাকী। যাৰ ফলত পঞ্চাশ ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত সাৱলীল ভাৱে পাঠদানতো সমস্যাৰ সৃষ্টি হৈছে৷ বিদ্যালয় খনত শিক্ষকৰ সংখ্যা বৃদ্ধিৰ বাবেও প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে৷

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds