31.3 C
Guwahati
Saturday, October 25, 2025
More

    শেহতীয়া আপডেটঃ

    বিশ্বনাথতো অৰুণোদয় মাহ-২০২২ শুভাৰম্ভ শুভাৰম্ভ কৰিলে অভিভাৱক সচিব ৰাকেশ কুমাৰে

    বিশ্বনাথতো অৰুণোদয় মাহ-২০২২ শুভাৰম্ভ শুভাৰম্ভ কৰিলে অভিভাৱক সচিব ৰাকেশ কুমাৰে

    বানত ক্ষতিগ্ৰস্ত ৭৫টা পৰিয়ালক আৰ্থিক অনুদান বিতৰনৰো শুভাৰম্ভ

     

    বিশ্বনাথ চাৰিআলি, ২০ আগষ্টঃ_ অৰুণোদয় আঁচনিখনৰ কাৰ্যকৰীকৰণ আৰু প্ৰভাৱ নিৰ্ধাৰণ কৰাৰ লগতে অসমৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকল যাতে লাভান্বিত হয় সেই উদ্দেশ্যে ২০ আগষ্টৰ পৰা ২০ চেপ্টেম্বৰলৈ ৰূপায়িত হ’ব লগা অৰুণোদয় মাহ-২০২২ বিশ্বনাথ জিলাটো আজি শুভাৰম্ভ কৰা হয়। বিশ্বনাথৰ হিমালয় ভৱনত আজি দুপৰীয়া অনুষ্ঠিত হোৱা এক আনুষ্ঠানিক সভাত এই অৰুণোদয় মাহৰ শুভাৰম্ভ কৰে বিশ্বনাথৰ অভিভাৱক সচিৱ, মীন বিভাগৰ আয়ুক্ত সচিব তথা অসম শক্তি বিতৰন কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে। বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ সূত্ৰধৰ, অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা, সহকাৰী আয়ুক্ত অনন্যা লহকৰৰ উপৰিও জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া তথা কৰ্মচাৰী আৰু ভালেসংখ্যক অৰুণোদয় হিতাধিকাৰী উপস্থিত থকা এই অনুষ্ঠানতে জিলাখনত বানত ক্ষতিগ্ৰস্ত হোৱা মুঠ ৭৫টা পৰিয়ালক আৰ্থিক অনুদান বিতৰনৰো শুভাৰম্ভ কৰা হয়। তথ্য অনুসৰি বিগত বানত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা ৯টা পৰিয়ালক (পকা ঘৰ) ৯৫,১০০/- টকাকৈ, আংশিকভাবে ক্ষতিগ্ৰস্ত হোৱা(পকা ঘৰ) ৫টা পৰিয়ালক ৫২০০/- টকাকৈ আৰু আংশিকভাবে ক্ষতিগ্ৰস্ত হোৱা(কেচা ঘৰ) ৬১টা পৰিয়ালক ৩২০০/- টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয়। উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে প্ৰদান কৰা নাতিদীৰ্ঘ ভাষনত অৰুণোদয় মাহ ৰূপায়নৰ বাবে দায়িত্ব প্ৰাপ্ত সকলক সেই কাম সুচাৰুৰূপে সম্পাদন কৰিবলৈ আহ্বান জনায়। যুৱ সমাজ কৰ্মী কন্দৰ্প হাজৰিকাই আঁত ধৰা ‘অৰুণোদয় মাহ – ২০২২’ শুভাৰম্ভণী অনুষ্ঠানটিত বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ ৯টিক আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি শুভাৰম্ভ কৰা হয়। উল্লেখ্য যে অৰুণোদয় মাহ ৰূপায়নৰ বাবে সমগ্ৰ জিলাখনত অৰুণোদয় হিতাধিকাৰীসকলৰ জৰীপ কৰিবলৈ সৰ্বমুঠ ৮১ গৰাকী চুপাৰভাইজাৰ আৰু ৩২৪ গৰাকী ‘টীম মেম্বাৰ’ক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰি দায়িত্ব ন্যস্ত কৰা হৈছে । উল্লেখ্য যে সমগ্ৰ বিশ্বনাথ জিলাত ৪৭,৫০০ গৰাকী অৰুণোদয় হিতাধিকাৰী আছে আৰু আজিৰে পৰা উদযাপিত হব লগা অৰুণোদয় মাহত পৰিদৰ্শনকাৰী দলে অৰুণোদয় হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ সমীক্ষাৰ যোগে তথ্য সংগ্ৰহ কৰি ম’বাইল এপ্লিকেশ্যনত লিপিবদ্ধ কৰিব
    আৰু এই প’ৰ্টেলৰ যোগে স্বচ্ছ আৰু নিকাভাৱে সকলো হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসাংগিক তথ্য অন্তর্ভুক্ত কৰা হ’ব।

    album-art
    Roi Roi Binale A Zubeen Garg Musical
    00:00
    Sorry, no results.
    Please try another keyword
    • Mur Mon (Roi Roi Binale) · Zubeen Garg Mur Mon (Roi Roi Binale) ℗ Zeal Creations Released on: 2025-10-07 Producer: Zubeen Garg Composer: Zubeen Garg Lyricist: Zubeen Garg
    • Xopun Xopun | Roi Roi Binale | Zubeen Garg | Eye Creations | Zeal Creations | Saregama Song Name: Xopun Xopun Film: Roi Roi Binale Label: Eye Creations & Zeal Creations

    Latest Posts

    বিশেষঃ

    Stay in touch

    To be updated with all the latest news, offers and special announcements.

    This will close in 0 seconds