এশ শতাংশ উত্তীৰ্ণৰে বুৰৈঘাটৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ সন্তোষজনক ফলাফল।

এশ শতাংশ উত্তীৰ্ণৰে বুৰৈঘাটৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ সন্তোষজনক ফলাফল।

পাঁচ গৰাকী পৰীক্ষাৰ্থীৰ ষ্টাৰ নম্বৰ লাভ।

■■২০১৯ চনত এক চালুকীয়া পৰিবেশৰ মাজেৰে প্ৰতিষ্ঠা লাভ কৰি বৃহত্তৰ অঞ্চলটোত এক শৈক্ষিক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হোৱা গহপুৰ মহকুমাৰ পশ্চিম প্ৰান্তৰ উচ্চ শিক্ষাৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান শ্ৰীমন্ত শংকৰদেৱ একাডেমী(বুৰৈঘাট)ৰ সন্তোষজনক ফলাফলে এক আশাৰ বতৰা কঢ়িয়াই আনিছে সমগ্ৰ অঞ্চলটোলৈ।শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰিচালন সঞ্চালক সুৰয চুবেদী আৰু অধ্যক্ষ ৰূদ্ৰ শৰ্মাৰ লগতে সমূহ শিক্ষক-শিক্ষয়ত্ৰীৰ অশেষ ত্যাগ আৰু কঠোৰ পৰিশ্ৰমৰ বলত সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ ফলাফলত যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে শিক্ষানুষ্ঠানখনে।এশ শতাংশ উত্তীৰ্ণৰে সফলতা অৰ্জন কৰা শিক্ষানুষ্ঠানখনৰ কলা শাখাত ২১ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত মুঠ ৫ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।সেই অনুসৰি সংগীতা চৰকাৰ(৮৪.৪%),দীপিকা প্ৰধান(৮৪.২%),কৃষ্ণা নৰহ(৮১.২%),সীমা গৌতম(৭৮.২%) আৰু সুৰয কাৰ্কী(৭৬.৪%)য়ে লাভ কৰে কলা শাখাত ষ্টাৰ নম্বৰ।একেদৰে পাঁচ গৰাকীয়ে প্ৰথম বিভাগ লাভ কৰে।ইয়াৰে এগৰাকীয়ে দুটা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয় আৰু ৯ গৰাকীয়ে দ্বিতীয় আৰু ২ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে।বানিজ্যি শাখাত দুগৰাকী পৰিক্ষাৰ্থীয়ে প্ৰথম বিভাগ লাভ কৰে।ইয়াৰে এগৰাকীয়ে দুটা বিষয়ত লেটাৰ আৰু আন গৰাকীয়ে এটা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।একেদৰে দুগৰাকী পৰীক্ষাৰ্থীয়ে দ্বিতীয় বিভাগ লাভ কৰে।চালুকীয়া পৰিৱেশৰ বিদ্যালয়খনৰ এই সাফল্যত যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে অঞ্চলটোৰ বৌদ্ধিক মহলে।সংগ্ৰহ ভাস্কৰ ভূঞা Fb

Be the first to comment

Leave a Reply

Your email address will not be published.


*